নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিনেটৰ ভোট প্রক্রিয়াত বিজয়ী ট্রাম্প মনোনীত বাৰেট

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আমেৰিকাৰ শীর্ষ আদালতত বিচাৰপতি হিচাপে মনোনীত কৰা আমী ক’নী বাৰেট ছিনেটৰ ভোট প্রক্রিয়াত বিজয়ী হৈছে৷ ছিনেটত ৫২–৪৮ ভোটৰ ব্যৱধানত শীর্ষ আদালতৰ বিচাৰপতি হিচাপে বিজয়ী হৈছে বাৰেট৷

আগন্তুক ৩ নৱেম্বৰত হ’বলগীয়া দেশখনৰ ৰাষ্ট্রপতিৰ নির্বাচনৰ পূর্বে ট্রাম্পৰ বাবে এয়া এক বিজয় হিচাপে চিহ্ণিত হৈছে ছিনেটত৷ লক্ষণীয়ভাৱে বাৰেটৰ বিজয়ৰ লগে লগে আমেৰিকাৰ শীর্ষ ন্যায়িক সংস্থাত ৰক্ষণশীল বিচাৰপতিৰ সংখ্যাও বৃদ্ধি পালে৷

বাৰেটৰ বিজয়ক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে ৰাষ্ট্রপতি নির্বাচনৰ ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে৷ বিডেনৰ মতে শীর্ষ আদালতৰ বিচাৰপতি এগৰাকী ছিনেটত এইদৰে নির্বাচিত হোৱাটো পৰিতাপৰ বিষয়৷ অৱশ্যে ৰিপাব্লিকান ছিনেটৰসকলে এই বিজয়ক আগন্তুক ৰাষ্ট্রপতি নির্বাচনত ট্রাম্পৰ বিজয়ৰ পূর্বাভাস বুলি অভিহিত কৰিছে৷

You might also like