নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিহাৰৰ ৭১ সমষ্টিত নির্বাচনঃ ১০৬৬গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতাঃ মহিলা প্রার্থীৰ সংখ্যা ১১৪

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ দেশৰ তৃতীয় বৃহত্তম জনবহুল ৰাজ্য বিহাৰত আজিৰ পৰা তিনিটা পর্যায়ত বিধানসভা নির্বাচন আৰম্ভ হয়৷  প্রথম পর্যায়ত মুঠ ৭১টা সমষ্টিৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ১০৬৬গৰাকী প্রার্থীয়ে৷ এই প্রার্থীসকলৰ ভিতৰত ১১৪গৰাকী মহিলাও আছে৷ ক’ভিড–১৯ মহামাৰীৰ মাজতে দেশত প্রথমটো বৃহৎ নির্বাচন আৰম্ভ হয় আজি৷

ক’ভিড প্রট’কল মানি এই নির্বাচনত নাগৰিকসকলে ভোটদান কৰিব লাগিব৷ বিজেপি আৰু জে ডি(ইউ) জোঁটে এই নির্বাচনৰ জৰিয়তে পুনৰ এটা কার্যকাল ৰাজ্যখনৰ ক্ষমতাত আৰোহণৰ প্রচেষ্টা চলোৱাৰ বিপৰীতে বিৰোধী মহাজোঁটে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ ১৫ বছৰীয়া শাসনৰ অৱসান বিচাৰি নাগৰিকসকলক ভোটদান কৰিবলৈ আহ্বান জনাইছে৷

স্মর্তব্য যে প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযানৰ পৰহি অন্ত পৰিছে৷  প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰৰ অন্তিমদিনা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে কেইবাটাও প্রচাৰ সমাৱেশত অংশগ্রহণ কৰে৷

উল্লেখনীয় যে পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ আৰম্ভ হোৱা সমষ্টিসমূহত সন্ধিয়া ৬ বজাত ভোটদানৰ অন্ত পৰিব৷ অৱশ্যে মাওবাদী বিদ্রোহী অধ্যুষিত অঞ্চলবোৰত ভোটদানৰ সময়সূচী সলনি কৰা হৈছে৷ প্রথম পর্যায়ত প্রতিদ্বন্দ্বিতাত নমা প্রার্থীসকলৰ ভিতৰত আছে নীতিশ কুমাৰ কেবিনেটৰ কেইবাগৰাকীও মন্ত্রী৷

এই মন্ত্রীসকল হৈছে কৃষ্ণনন্দন বার্মা, প্রেম কুমাৰ, জয়কুমাৰ সিং, সন্তোষ কুমাৰ নিৰালা, বিজয় সিন্হা আৰু ৰামনাৰায়ণ মণ্ডল৷ প্রথম পর্যায়ত গুৰুত্বপূর্ণ সমষ্টি হিচাপে চিহ্ণিত হৈছে আৰাহ, ডিনাৰা, তাৰাৰী, ভাবুৱা, ডেহৰি, ছেইণ্টপুৰ, ৰাজাউলি, জমলপুৰ, গোবিন্দপুৰ আৰু মুংগেৰ৷ এই সমষ্টিবোৰত ২০১৫ত ৫ হাজাৰতকৈ কম ভোটৰ ব্যৱধানত প্রার্থী বিজয়ী হৈছিল৷ লক্ষণীয়ভাৱে ৰাজ্যখনৰ নির্বাচনৰ বাবে কেন্দ্রীয় চৰকাৰে ৩০ হাজাৰ নিৰাপত্তা কর্মীক বিহাৰলৈ প্রেৰণ কৰিছে৷

You might also like