লাইলাপুৰ সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
অসমৰ ভূমি এৰি নিদিয়ালৈকে মিজোৰামৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ
নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ অসম–মিজোৰাম সীমান্তৱর্তী কাছাৰ জিলাৰ ধলাই সমষ্টিৰ লাইলাপুৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কাছাৰ জিলাৰ সীমান্তৱর্তী টিকলি আৰু খুলিছডাসহ তিনি কিলোমিটাৰ এলেকাৰ দখলীকৃত ভূমি এৰি দিয়া নাই মিজোৰামে৷ তদুপৰি আইআৰ বেটেলিয়ন বাহিনীও এই অঞ্চলৰ পৰা আঁতৰাই লৈ যোৱা নাই৷ বুধবাৰে ইয়াৰ প্রতিবাদ জনাই লায়লাপুৰত সীমাৱর্তী ৰাইজে পথ অৱৰোধ কার্যসূচী পালন কৰে৷ লগতে মিজোৰামৰ বিৰুদ্ধে অনির্দিষ্টকাললৈ অর্থনৈতিক অৱৰোধ কার্যসূচী ঘোষণা কৰিছে৷ অসমৰ দখলকৃত ভূমি এৰি নিদিয়ালৈকে সীমান্তত পথ অৱৰোধ কার্যসূচী চলিব বুলি ৰাইজে মিজোৰামক সকীয়াই দিছে৷ উল্লেখ্য, কালি কাছাৰ জিলাৰ বনসংমণ্ডল প্রাধিকাৰী ছানিদেও চৌধুৰীয়ে দল–বল লৈ দখলকৃত এলেকালৈ যাবলৈ চেষ্টা কৰে যদিও মিজোৰামৰ আই আৰ বেটেলিয়নে বাধা দিয়ে৷ ইয়াৰ ফলত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়৷
উল্লেখ্য যে অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা বিবাদ অব্যাহত থকাৰ সময়তে যোৱা সপ্তাহত কেন্দ্রীয় যুটীয়া গৃহ সচিব সত্যেন্দ্র গার্গৰ উপস্থিতিত শিলচৰত অসম চৰকাৰৰ গৃহ সচিব আৰু মিজোৰাম চৰকাৰৰ গৃহ সচিব পর্যায়ৰ ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ যায়৷ উক্ত বৈঠকত মিজোৰামে ইতিবাচক সঁহাৰি জনাইছিল আৰু অসমৰ দখলকৃত ভূমি মুক্ত কৰাৰ লগতে আৰক্ষী বাহিনী আঁতৰাই নিয়াৰ বাবে সহমত পোষণ কৰে৷ কিন্তু এতিয়ালৈ দখলকৃত এলেকা ত্যাগ নকৰাৰ বাবে আজি স্থানীয় লোকে অর্থনৈতিক অৱৰোধ কার্যসূচী পালন কৰে৷ চলিত মাহৰ দ্বিতীয় সপ্তাহত অসম–মিজোৰাম সীমান্ত অঞ্চলৰ প্রায় পাঁচ কিলোমিটাৰ অসমৰ ভূমি মিজোৰাম আৰক্ষীয়ে দখল কৰিছিল৷ অস্ত্র–শস্ত্রসহ সেই স্থানত বৃহৎ সংখ্যক মিজো আৰক্ষীয়ে টহল দিয়ে৷ আনকি অসমৰ ভূমিত নিশাৰ ভাগত অসম সীমান্তৰ পাঁচ কিলোমিটাৰ ভিতৰত প্রৱেশ কৰি মিজোসকলে জেচিবিৰে পাহাৰ খান্দিছিল৷ তদুপৰি নিশা পুনৰ মিজো দুষৃকতিকাৰীয়ে অসমীয়া তিনিখন দোকান আৰু কেইবাটাও বাসগৃহ জ্বলাই দিছিল৷