ধানৰ পিছত মাকৈ ৰোপণ যন্ত্ৰ উদ্ভাৱনেৰে চমক মৰিগাঁও জিলাৰ যুৱ কৃষকৰ, খবৰ নল’লে কৃষি বিভাগে
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: মৰিগাঁও জিলাৰ দীঘলবড়ি গাঁৱৰ এজন যুৱ কৃষক। নাম উদ্ধৱ দেউৰী। ৩২ বছৰীয়া এই যুৱ কৃষকজনে অসমৰ দৰিদ্ৰ উপান্ত কৃষকসকললৈ আনিছে ইটোৰ পাছত সিটো ভাল খবৰ। নিজৰ উদ্ভাৱনী শক্তিৰে লকডাউনৰ সময়তে উদ্ধৱ দেউৰীয়ে এটি ধানৰ কঠীয়া ৰোপণৰ যন্ত্ৰ উদ্ভাৱন কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। কঠীয়া ৰোপণ কৰা বিভিন্ন অত্যাধুনিক যন্ত্ৰ আছে যদিও সেই ইন্ধনযুক্ত যন্ত্ৰসমূহ বহু ব্যয়বহুল, যাৰ বাবে লক্ষাধিক টকা ব্যয় সাপেক্ষ সেই যন্ত্ৰসমূহ ক্ৰয় কৰাটো অসমৰ সাধাৰণ কৃষকৰ বাবে তেনেই অসম্ভৱ। সেয়ে উদ্ধৱ দেউৰীয়ে মনত বহু দিনৰ পৰা পুহি ৰাখিছিল খুব কম খৰচত এটি ধানৰ কঠিয়া ৰোপণ কৰা মেচিন উদ্ভাৱনৰ সপোন। অৱশেষত লকডাউনৰ সময়ছোৱাত ঘৰতে থাকি উদ্ধৱ দেউৰীয়ে নিৰ্মাণ কৰি উলিয়াইছিল ইন্ধনবিহীন এটি ধানৰ কঠীয়া ৰোপণৰ মেচিন। লাখ লাখ টকাৰ বিপৰীতে মাত্ৰ তিনি চাৰি হাজাৰ টকা ব্যয় সাপেক্ষ সেই মেচিনটোৰে উদ্ধৱ দেউৰীয়ে নিজৰ পথাৰত ধানৰ কঠীয়া ৰোপণ কৰি এক চমক সৃষ্টি কৰিছিল। বৰ্তমান উক্ত ধানৰ কঠীয়া ৰোপণ কৰা মেচিনটো কিছু উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি অত্যাধুনিক ৰূপত দেউৰীয়ে সজাই তুলিছে। উক্ত মেচিনটো এজন কৃষতে এটা বেগৰ দৰে পিঠিত লৈ পথাৰলৈ যাব পাৰিব। মেচিনটোৰে এদিনত দুই তিনি বিঘা মাটিত এজন লোকেই কঠিয়া ৰোপণ কৰিব পাৰিব। ধানৰ কঠীয়া ৰোপণ কৰা মেচিনটো নিৰ্মাণৰ পাছত বৰ্তমান উদ্ধৱ দেউৰীয়ে নতুনকৈ উদ্ভাৱন কৰিছে মাকৈ গুটি ৰোপণৰ এটি সৰু মেচিন। মাত্ৰ দুই হাজাৰ টকা ব্যয় সাপেক্ষ এই মেচিনটো উদ্ভাৱন কৰি অগ্ৰদূতৰ আগত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেউৰীয়ে কয়- এই মেচিন উদ্ভাৱনৰ ক্ষেত্ৰত তেওঁ কাৰো আৰ্হি লোৱা নাই। মেচিনটোৱে একে সময়তে তিনিটা কাম কৰিব। তিনিজন শ্ৰমিকৰ কাম মেচিনটোৱে একেসময়তে একেটা মেচিনেই কৰিব। নিশ্চিতভাৱে উদ্ধৱ দেউৰীৰ এনে উদ্ভাৱনক চৰকাৰে আগবঢ়াই নিলে অসমৰ সাধাৰণ কৃষক শ্ৰেণীৰ মাজলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব। কিন্তুু ধানৰ কঠীয়া ৰোপণ মেচিন উদ্ভাৱন কৰাৰ সাত মাহৰ পাছতো মৰিগাঁও কৃষি বিভাগে এটা খবৰ লবলৈকো আহৰি নোপোৱাৰ পাছত এইবাৰ পুনৰ মাকৈ ৰোপণৰ মেচিন উদ্ভাৱন কৰা উদ্ধৱ দেউৰীৰ খবৰ ল’বলৈ অতুল বৰাৰ কৃষি বিভাগৰ সময় হ’বনে? পাবনে এনে এজন যুৱ কৃষকে তেওঁৰ উদ্ভাৱনী ক্ষমতাক সদব্যৱহাৰ কৰি অসমৰ কৃষি ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা যোগাত্মক সঁহাৰি।