জোনাইত মহিলাৰ আত্মহত্যাৰ লগত জড়িতৰ অভিযোগত পঞ্চায়ত সভাপতিক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাখানা পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে যোৱা ২৭ অক্টোবৰত ৰাজাখানা পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ পত্নীৰ স’তে অবৈধ সম্পৰ্ক স্থাপনৰ ঘটনাৰ বাবে ৱাৰ্ড সদস্যৰ পত্নীয়ে আত্মহত্যা কৰে। উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জোনাই আৰক্ষী থানাত গোচৰ তৰে ৷
জোনাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডাবিধিৰ ৩০৬ৰ ধাৰাৰ অধীনত ১১৭/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৱে গোপন সূত্ৰৰ পম খেদি চাৰি দিন ধৰি পলাতক অৱস্থাত থকা বীৰেন পেগুক কালি নিশা জোনাইত গ্ৰেপ্তাৰ কৰে৷
উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ইফালে পঞ্চায়ত সভাপতিগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে ৷ নিজা পাৰিবাৰিক কন্দল তেওঁৰ ওপৰত জাপি দিয়া বুলি কয়৷
আনহাতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত জোনাই আৰক্ষী থানাৰ প্ৰাংগণত মৃত মহিলাৰ পৰিয়ালৰ লগতে ৰাজাখনা গাঁও পঞ্চায়তৰ শতাধিক লোকে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বীৰেন পেগুক ফাঁচি দিয়ক, দোষীক শাস্তি দিয়ক আদি শ্লোগান দি উত্তপ্ত কৰি তোলে জোনাই আৰক্ষী থানাৰ চৌহদ৷