ছয়গাঁও আৰক্ষীৰ অভিযান, গৰৈমাৰী সত্ৰত বাইকসহ চোৰ আটক
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে বাইক চুৰি চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে বাইক চুৰি চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই বহু বাইক চোৰক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে।
ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱানিশা প্ৰায় ১১ বজাত অভিযান চলাই ছয়গাঁৱৰ গৰৈমাৰী সত্ৰৰ পৰা ৰবিউল হুছেইন নামৰ এজন বাইক চোৰক এখন বাইকসহ নিজ বাসগৃহৰ পৰা আটক কৰে।
আৰক্ষীয়ে উদ্ধাৰ কৰা মটৰচাইকেলখনৰ নম্বৰ এ এছ-০১ বি জে-৮২৯১। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ২০১৭ চনৰ ১১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ আমবাৰী ফটাশিলৰ পৰা বাইকখন চুৰি হৈছিল। বাইক চুৰি হোৱা সংক্ৰান্তত ফটাশিল আমবাৰী অাৰক্ষী থানাত ৪৮/১৭ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল।
উক্ত গোচৰৰ ভিত্তিতে যোৱানিশা অভিযান চলাই ছয়গাঁও আৰক্ষীয়ে মটৰচাইকেলসহ চোৰজনক অাটক কৰিবলৈ সক্ষম হয়। আৰক্ষী বিষয়াগৰাকীৰ এই ধাৰাবাহিক অভিযানক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।