সীমান্তৰ যুদ্ধত সেনাক সহায় কৰিবলৈ অস্ত্রৰ প্রশিক্ষণ হাক’বায়ানৰ
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ বিবদমান নাগ’র্নো–কাৰাবাখ অঞ্চলক লৈ পূর্বৰ ছোভিয়েট সদস্য ৰাষ্ট্র আর্মেনিয়া আৰু আজেৰবাইজানৰ মাজত চলি থকা যুদ্ধই ক্রমাৎ দীর্ঘস্থায়ী ৰূপ ধাৰণ কৰাৰ সময়তে আর্মেনিয়াৰ প্রধানমন্ত্রী নিক’ল পাছিনিয়ানৰ পত্নী আন্না হাক’বায়ানে সামৰিক প্রশিক্ষণ গ্রহণ কৰা সংবাদে বিশ্বজুৰি চর্চা লাভ কৰিছে৷ আর্মেনিয়াৰ সামৰিক বাহিনীক সীমান্তৰ যুদ্ধত সহায় কৰিবলৈ হাক’বায়ানে অন্য ১৩গৰাকী মহিলাৰ সৈতে প্রশিক্ষণ গ্রহণ কৰিছে৷ হাক’বায়ানৰ মতে আর্মেনিয়াৰ সার্বভৌমত্ব ৰক্ষাৰ যুদ্ধ দেশখনৰ পুৰুষ–নাৰী সকলোৰে বাবে এক সন্মানৰ বিষয়৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে ৪২ বছৰীয়া হাক’বায়ানে প্রশিক্ষণ গ্রহণ কৰি থকা ভিডি’ মুকলি কৰি দিয়াৰ পিছতে মহিলাগৰাকীৰ দেশপ্রেমৰ বিষয়টোক লৈ বিশেষ চর্চা চলিছে৷