প্লে অফৰ লক্ষ্যৰে আজি খেলপথাৰত আৰচিবি
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ ক্রমাগত দুখন মেচত পৰাজয়ৰ সন্মুখীন হোৱা ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে জয়েৰে প্লে অফত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে কাইলৈ পুনৰ খেলপথাৰত নামিব৷ শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া মেচখনত বিৰাট কোহলি নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব ছানৰাইজার্ছ হায়দৰাবাদ৷ সম্প্রতি আৰ চি বি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে যদিও প্লে অফত স্থান নিশ্চিত কৰিবলৈ দলটোক অতি কমেও এখন মেচত জয়ৰ প্রয়োজন৷ অৱশ্যে অৱশিষ্ট দুয়োখন মেচত পৰাস্ত হ’লেও দলটোৰ প্লে অফত প্রৱেশৰ ক্ষীণ আশা জীয়াই থাকিব৷ কিন্তু ইয়াৰ বাবে কোহলি বাহিনীয়ে আন দলৰ ফলাফলৰ ওপৰত নির্ভৰশীল হ’ব লাগিব৷ এনে পৰিস্থিতিত কাইলৈ ছানৰাইজার্ছক হৰুৱাই বাংগালুৰুৱে প্লে অফৰ স্থান সুৰক্ষিত কৰি চিন্তামুক্ত হ’ব বিচাৰিছে৷ অধিনায়ক কোহলি আৰু এবি ডি ভিলায়র্ছৰ ওপৰতে দলটোৰ সফলতা ঘাইকৈ নির্ভৰ কৰিব৷ ইফালে, শেহতীয়া মেচত দিল্লী কেপিটেলছক হৰুৱাই উজ্জীৱিত হৈ উঠা ছানৰাইজার্ছ হায়দৰাবাদে কাইলৈ আৰ চি বিক পৰাস্ত কৰি হূত সন্মান উদ্ধাৰৰ লক্ষ্য লৈছে৷ সম্প্রতি ১০ পইণ্টেৰে ষষ্ঠ স্থানত থকা দলটোৰ প্লে অফত প্রৱেশৰ সম্ভাৱনা একপ্রকাৰ অসম্ভৱ যদিও আৰ চি বিৰ অংক খেলিমেলি কৰাৰ লক্ষ্যৰে ছানৰাইজার্ছে খেলপথাৰত নামিব৷ খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷