দীর্ঘ ৮ মাহৰ বিৰতিত খুলিব স্কুল–কলেজ–বিশ্ববিদ্যালয়
ক’ভিড প্রট’কলেৰে আজিৰে পৰা শিক্ষানুষ্ঠানত পাঠদান
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বিগত ৮ মাহে বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত আজিৰে পৰা পুনৰ আৰম্ভ হ’ব পাঠদান৷ স্বাস্থ্য বিভাগে জাৰি কৰা নির্দেশনা আৰু ক’ভিড প্রট’কলৰ মাজেৰে শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰাৰ প্রস্তুতি চলোৱা হৈছে৷ ইতিমধ্যে শিক্ষানুষ্ঠানসমূহৰ শ্রেণীকোঠা আৰু চৌহদ ছেনিটাইজ কৰা হৈছে৷ কাইলৈৰ পৰা পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত স্কুল–কলেজকে ধৰি আন আন শিক্ষানুষ্ঠানসমূহত কি ধৰণৰ নীতি–নির্দেশনা পালন কৰিব লাগিব, সেয়া নির্ধাৰণ কৰি দিছে শিক্ষা বিভাগে৷ সেই অনুসৰি প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ সম্পূর্ণৰূপে বন্ধ থাকিব পাঠদান৷ ইয়াৰ পৰিৱর্তে বিদ্যালয়সমূহত ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ নির্দিষ্ট নিয়মৰ মাজেৰে কৰিব পাৰিব পাঠদান৷ শিক্ষা বিভাগে জাৰি কৰা ষ্টেণ্ডার্ড অপাৰেটিং প্রছিডিউৰ (এছ অ’ পি) অনুসৰি উচ্চ প্রাথমিক, মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলসমূহত ষষ্ঠ, অষ্টম, দশম আৰু দ্বাদশ শ্রেণীৰ পাঠদান প্রতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে কৰিব লাগিব৷ বিদ্যালয়ৰ মুৰব্বীয়ে এই শ্রেণীসমূহৰ কোনটো শ্রেণীৰ শিক্ষার্থী কোন সময়ত আহিব, সেয়া নির্ধাৰণ কৰিব লাগিব৷ আনহাতে, সপ্তম, নৱম আৰু একাদশ শ্রেণীৰ পাঠদান প্রতি সপ্তাহৰ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে হ’ব৷ প্রতিটো শ্রেণীৰ পাঠদানত দুট দলত বিভক্ত কৰিব লাগিব শিক্ষকসকলে৷ সেই অনুসৰি প্রথমটো দলৰ ছাত্র–ছাত্রী পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয়টো দল দুপৰীয়া ১২.৩০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ বিদ্যালয়ত উপস্থিত থাকিব৷ প্রথম দলৰ ছাত্র–ছাত্রীয়ে দুপৰীয়া ১১.৩০ বজাৰ পৰা ১২.০০ বজাৰ ভিতৰত আৰু দ্বিতীয় দলে ১২.৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত মধ্যাহ্ণ ভোজন গ্রহণ কৰিব লাগিব৷ বিদ্যালয়ৰ মুৰব্বী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ উপস্থিতিত ৰান্ধনী আৰু সহায়িকাক ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক৷ সেইদৰে প্রত্যেক সপ্তাহৰ দেওবাৰে শিক্ষানুষ্ঠানসমূহ ছেনিটাইজ কৰাটো বাধ্যতামূলক৷ উপায়ুক্ত, জিলা প্রাথমিক শিক্ষা বিষয়া, বিদ্যালয়সমূহৰ পৰিদর্শক, খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ সহযোগত বিদ্যালয়সমূহ ছেনিটাইজ কৰিব লাগিব৷ শিক্ষা প্রতিষ্ঠানৰ মুৰব্বী, গাঁওবুঢ়া, অভিভাৱক, বেচৰকাৰী সংস্থাৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰিব লাগিব প্রতি দেওবাৰে৷ বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহত শিক্ষার্থী, শিক্ষক–কর্মচাৰীসকলক মাস্ক ব্যৱহাৰ, ছেনিটাইজেচন আৰু নূ্যনতম ৬ ফুট শাৰীৰিক দূৰত্ব বজাই ৰখাটো বাঞ্ছনীয়৷ যদিহে কোনো শিক্ষার্থী তথা শিক্ষক–শিক্ষয়িত্রী ক’ভিড পজিটিভ হয়, তেনেহ’লে জিলা প্রশাসন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া সহযোগত সকলো ছাত্র–ছাত্রীৰ লগতে শিক্ষক–শিক্ষয়িত্রীৰ পুনৰ ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক৷ যদিহে কেইবাগৰাকীও পজিটিভ ৰোগী ওলায়, তেনেহ’লে সংশ্লিষ্ট বিদ্যালয়খন সাত দিনৰ বাবে বন্ধ ৰখাৰ লগতে জিলা প্রশাসনৰ অনুমতি লৈহে খুলিব পাৰিব৷ এনে শিক্ষানুষ্ঠান খোলাৰ পূর্বে পুনৰ সম্পূর্ণৰূপে ছেনিটাইজ কৰাটো বাধ্যতামূলক৷ সকলো শিক্ষানুষ্ঠানৰ ছাত্রাৱাস, ছাত্রী নিৱাসসমূহ পৰৱর্তী নির্দেশনা নোপোৱা পর্যন্ত বন্ধ ৰাখিব লাগিব৷ শ্রেণীকোঠা, শৌচালয় আৰু বিদ্যালয় চৌহদ নিয়মিতভাৱে পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ৰাখিব লাগিব৷ বিদ্যালয়সমূহৰ পৰিৱেশ–পৰিস্থিতি অধ্যয়নৰ বাবে জিলা উপায়ুক্তৰ নেতৃত্বত গঠন কৰা হ’ব টাস্ক ফ’ৰ্চ৷
উল্লেখ্য যে দীর্ঘদিনৰ বিৰতিৰ অন্তত কাইলৈৰ পৰা শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ হ’লেও ছাত্র–ছাত্রীসকলৰ উপস্থিতি বাধ্যতামূলক নহ’ব৷ অভিভাৱসকলৰ সন্মতিৰ ভিত্তিতহে শিক্ষানুষ্ঠানত উপস্থিত থাকিব পাৰিব শিক্ষার্থীসকল৷ এইক্ষেত্রত অভিভাৱকৰ সন্মতি পত্র শিক্ষানুষ্ঠানসমূহত দাখিল কৰিব লাগিব৷ অৱশ্যে মহাবিদ্যালয়সমূহৰ্ ক্ষেত্রত সংক্ষিপ্ত সময়ৰ তালিকা সংশ্লিষ্ট মহাবিদ্যালয় কর্তৃপক্ষই গ্রহণ কৰিব পাৰিব৷ ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি স্নাতক পর্যায়ত প্রথম ষাণ্মাসিকৰ পাঠদান সোমবাৰ আৰু বৃহস্পতিবাৰে, তৃতীয় ষাণ্মাসিকৰ পাঠদান মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে, পঞ্চম ষাণ্মাসিকৰ পাঠদান মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে অনুষ্ঠিত হ’ব৷ তৃতীয় আৰু পঞ্চম ষাণ্মাসিকৰ পাঠদান দুটা পর্যায়ত ক্রমে পুৱা ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ আৰু বিয়লি ১ৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’ব৷ যদি কোনো কাৰণত ছাত্র–ছাত্রী নিজৰ নামভর্তি কৰা মহাবিদ্যালয়ত উপস্থিত থাকিব নোৱাৰে, তেওঁ থকা ঠাইৰ যিকোনো এখন মহাবিদ্যালয়ত পাঠগ্রহণ কৰিব পাৰিব৷ অৱশ্যে এইক্ষেত্রত দুয়োখন মহাবিদ্যালয় কর্তৃপক্ষৰ অনুমতি ল’ব লাগিব শিক্ষার্থীয়ে৷
স্নাতকোত্তৰ পর্যায়ত পাঠদানৰ ক্ষেত্রত মহাবিদ্যালয়সমূহে বিশ্ববিদ্যালয় অথবা বিশ্ববিদ্যালয় অনুদান আয়োগৰ নির্দেশাৱলী পালন কৰিব লাগিব৷ অভিযান্ত্রিক, পলিটেকনিক আৰু আই টি আই মহাবিদ্যালয়সমূহে সংক্ষিপ্ত সময়সূচী অনুসৰণ কৰিব লাগিব৷ আনহাতে, ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ে জাৰি কৰা নির্দেশাৱলী আৰু স্বাস্থ্য, শিক্ষা তথা পৰিয়াল কল্যাণ মন্ত্রালয়ে সময়ে সময়ে জাৰি কৰা নির্দেশাৱলী কঠোৰভাৱে পালন কৰি ৰাজ্যৰ বিশ্ববিদ্যালয় চৌহদত থকা ছাত্র–ছাত্রীসকলৰ বাবে পাঠদান অনুষ্ঠিত কৰিবলৈ নিজাববীয়াকৈ এছ অ’ পি প্রস্তুত কৰিব পাৰিব৷ ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে অসম চৰকাৰে জাৰি কৰা নির্দেশাৱলী মানি চলিব লাগিব৷ ইপিনে বহুসংখ্যক ব্যক্তিগত বিদ্যালয়ে অভিভাৱকসকলৰ মতামত গ্রহণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ জানিব পৰা মতে, অধিকাংশ অভিভাৱকে শিক্ষার্থীক এতিয়াও বিদ্যালয়লৈ পঠিয়াবলৈ অমান্তি প্রকাশ কৰিছে৷ ইয়াৰ পৰিৱর্তে তেওঁলোকে অনলাইন ব্যৱস্থাৰে পাঠদান অব্যাহত ৰখাৰ পোষকতা কৰিছে৷ উল্লেখ্য যে শিক্ষানুষ্ঠানসমূহ খোলাৰ অনুমতি প্রদান কৰিলেও এই সময়ছোৱাত কোনো ধৰণৰ উৎসৱ আৰু অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷