চীনলৈ প্রত্যাহ্বানেৰে চাৰি দেশৰ নৌসেনাৰ যুদ্ধ অনুশীলন
আঞ্চলিক শান্তি–সুস্থিৰতা অক্ষত ৰখাৰ আহ্বান বেইজিঙৰ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ ভাৰত মহাসাগৰত আজি চাৰিদেশীয় নৌসেনাৰ সামৰিক অনুশীলন আৰম্ভ হৈছে৷ ভাৰত, জাপান, অষ্ট্রেলিয়া আৰু আমেৰিকা –এই চাৰিদেশীয় মিত্র বাহিনী বা কোৱাড এলায়েন্স প্রথম গঠন হৈছিল ২০০৭ চনত৷ অৱশ্যে কেইবা বছৰ ধৰি এই যৌথ বাহিনী নিষ্ক্রিয় হৈ আছিল৷ ২০১৭ চনত এই চাৰি দেশীয় গোষ্ঠীক পুনৰ উজ্জীৱিত কৰা হয়৷ ভাৰত মহাসাগৰত চাৰিওখন দেশৰ নৌসেনাই উমৈহতীয়াভাৱে চলোৱা সামৰিক অনুশীলনক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে চীনে৷ স্মর্তব্য যে চীনৰ আগ্রাসনক প্রত্যাহ্বান জনাবলৈয়ে এই চাৰিদেশীয় মিত্রগোষ্ঠীৰ সৃষ্টি হৈছে৷ চীনৰ সৈতে বিভিন্ন দেশৰ উত্তেজনা অব্যাহত থকাৰ সময়তে নৌসেনাৰ এই উমৈহতীয়া সামৰিক অনুশীলন তাৎপর্যপূর্ণ ঘটনা হিচাপে চিহ্ণিত হৈছে৷ বংগোপসাগৰৰ সমীপৰ মালাক্কা প্রণালীত মালাবাৰ অনুশীলন হিচাপে চিহ্ণিত নৌসেনাৰ এই চাৰিদেশীয় যুদ্ধাভ্যাসত কেইবাখনো ৰণতৰীয়ে অংশগ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে এই সামৰিক অনুশীলন আৰম্ভ হোৱাৰ লগে লগে চীনৰ বিদেশ মন্ত্রালয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৱাং ৱেনবিনে আজি উল্লেখ কৰিছে যে আঞ্চলিক শান্তি আৰু সুস্থিৰতাৰ প্রতি সকলো পক্ষই নজৰ দিয়া উচিত৷ যুদ্ধৰ অনুশীলনেৰে ভাৰত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতি অস্থিৰ কৰা কার্যক কেতিয়াও বেইজিঙে সহজভাৱে গ্রহণ নকৰে বুলিও মুখপাত্রগৰাকীয়ে আজি স্পষ্ট কৰি দিছে৷ স্মর্তব্য যে লাডাখ সীমান্তত চীনা বাহিনীৰে ভাৰতীয় সেনাৰ উত্তেজনা অব্যাহত থকাৰ উপৰি দক্ষিণ চীন সাগৰত বেইজিঙৰ অবাধ আধিপত্য দাবীৰ মাজতেই এই অনুশীলনে সমগ্র অঞ্চলটোত সৃষ্টি কৰিছে নতুন উত্তেজনা৷