নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্ণৱ গোস্বামীক আক্রোশমূলক গ্রেপ্তাৰ

আত্মহত্যাৰ দুবছৰ পুৰণি গোচৰ মুকলি কৰি ক্ষমতাৰ অপব্যৱহাৰেৰে মুম্বাই আৰক্ষীৰ হঠকাৰী কার্য

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ সংবাদ মাধ্যমৰ স্বাধীনতাক কুঠাৰাঘাত কৰি জনপ্রিয় ৰাষ্ট্রীয়চেনেল ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীক গ্রেপ্তাৰ কৰিলে মহাৰাষ্ট্র আৰক্ষীয়ে৷ শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্র চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা অসম সন্তান তথা বিশিষ্ট সাংবাদিক অর্ণৱ গোস্বামীক দুবছৰ পুৰণি গোচৰ এটাত আজি মুম্বাই আৰক্ষীয়ে আক্রোশমূলকভাৱে গ্রেপ্তাৰ কৰে৷ গণতন্ত্রৰ চতুর্থ স্তম্ভৰ মর্যাদাক পদানত কৰি অর্ণৱ গোস্বামীক আক্রোশমূলক গ্রেপ্তাৰ
মুম্বাইৰ ৱর্লিৰ বাসভৱনৰ পৰা সাংবাদিক গোস্বামীক মুম্বাই আৰু ৰায়গড় আৰক্ষীয়ে পুৱাই অভিযান চলাই গ্রেপ্তাৰ কৰে৷ পুৱাই মুম্বাই–ৰায়গড় আৰক্ষীয়ে ৱর্লিস্থিত বাসভৱনত সাংবাদিক গোস্বামীক শাৰীৰিকভাৱে প্রহাৰ কৰাৰ লগতে চুলিত ধৰি ভানত উঠাই আৰক্ষী থানালৈ লৈ যায়৷ পালঘৰত চাৰি সন্ন্যাসীক গণপ্রহাৰেৰে হত্যা কৰা আৰু বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুক লৈ টিভি চেনেলটোত শিৱসেনা নেতৃত্বাধীন চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ বাবে সাংবাদিক গোস্বামীক পুৰণি গোচৰত গ্রেপ্তাৰ কৰা বুলি দেশজুৰি প্রতিবাদ হৈছে৷ উল্লেখ্য যে শিৱসেনা, কংগ্রেছ আৰু এন চি পি মিত্রজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ বাবে সাংবাদিক গোস্বামীৰ বিৰুদ্ধে থকা দুবছৰ পুৰণি আলিবাগ থানাৰ গোচৰ এটা পুনৰ তদন্তৰ বাবে মুকলি কৰে আৰক্ষীয়ে৷ এই গোচৰটো পুনৰ মুকলি কৰাৰ পাছত আজি পুৱা উক্ত আলিবাগ থানাৰ গোচৰৰ সৈতে সম্পর্কিত সাংবাদিক অর্ণৱ গোস্বামীক ৱর্লিৰ পৰা আৰক্ষীৰ দলটোৱে গ্রেপ্তাৰ কৰাৰ বিপৰীতে আন দুগৰাকী ক্রমে কান্দিৱালিৰ পৰা ফিৰোজ শ্বেখ আৰু যোগেশৱাৰিৰ পৰা নিতেশ ছাৰদাক গ্রেপ্তাৰ কৰে৷ অন্বয় নাইক নামৰ ইণ্টেৰি’ৰ ডিজাইনাৰ এগৰাকীৰ ছুইচাইড নোটৰ আধাৰত আলিবাগ থানাত থকা গোচৰটো ইতিমধ্যে বন্ধ কৰা হৈছিল যদিও মুম্বাই আৰক্ষীয়ে সেই গোচৰটোৰ তদন্ত পুনৰ মুকলি কৰি ৱর্লিস্থিত বাসভৱনৰ পৰা সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰিবলৈ পুৱাই মুম্বাই–ৰায়গড় আৰক্ষীৰ যুটীয়া দল এটা উপস্থিত হয়৷ সাংবাদিক গোস্বামীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ অহা বুলি দুৱাৰত টুকুৰিয়াই মাতে যদিও সাংবাদিক গোস্বামী আৰু তেওঁৰ পত্নীয়ে দুৱাৰ খুলি দিয়াত এঘণ্টা পলম কৰে বুলি আৰক্ষীয়ে অভিযোগ কৰে৷ দুৱাৰ খুলি দিয়াৰ পাছতে আৰক্ষীৰ দলটোৱে সাংবাদিক গোস্বামীক শাৰীৰিকভাৱে নির্যাতন কৰি বলপূর্বকভাৱে আৰক্ষীৰ ভানত উঠাই লয় আৰু আলিবাগ থানালৈ লৈ যায়৷ সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰা দলটোক নেতৃত্ব দিয়ে মুম্বাই অপৰাধ শাখাৰ সহকাৰী পৰিদর্শক শচীন ৱাজে৷ তেওঁৰ সৈতে চিটী পুলিচৰ স্পেচিয়েল অপাৰেচন স্কোৱাড আৰু আলিবাগৰ এছ পি অশোক দুধে অংশ লয়৷ এই দলটো পুৱা ৬ বজাতেই সাংবাদিক গোস্বামীৰ বাসগৃহত উপস্থিত হয়৷ তাৎপর্যপূর্ণ যে সাংবাদিক গোস্বামী বাস কৰা অঞ্চলটোৰ স্থানীয় আৰক্ষী থানা এন এম যোশী মার্গ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত কোনো ভুকে নাপালে৷ সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰা ঘটনাটো ভিডি’ ৰেকর্ড কৰা বুলি মুম্বাইৰ আৰক্ষীৰ শীর্ষ বিষয়াই প্রকাশ কৰিছে৷ শীর্ষ বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, কেন্দ্রৰ দ্বাৰা ৱাই প্লাছ নিৰাপত্তাত থকা সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰাৰ পূর্বে তেওঁৰ বাসভৱনৰ সন্মুখত আৰক্ষী মোতায়েন কৰা হৈছিল৷ পুৱা ৬ বজাত সাংবাদিকগৰাকীৰ বাসভৱনত উপস্থিত হৈ দুৱাৰত টুকুৰিয়াই আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰিবলৈ অহা বুলি কোৱাৰ পাছতো সাংবাদিক গোস্বামী আৰু তেওঁৰ পত্নী সম্যব্রতাই দুৱাৰ খোলাত এঘণ্টা পলম কৰে৷ সাংবাদিক গোস্বামীয়ে দুৱাৰ খোলাৰ পাছতেই তেওঁৰ পত্নীয়ে ভিডি’ ৰেকর্ডিং কৰে৷ তেওঁক গ্রেপ্তাৰ কৰা সন্দর্ভত গ্রেপ্তাৰী পৰোৱানা আছে নে নাই, সেই সন্দর্ভত আৰক্ষীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৬ৰ অধীনত আত্মহত্যাৰ বাবে উচটনি দিয়া গোচৰত গ্রেপ্তাৰী পৰোৱানাৰ প্রয়োজন নাই৷ অৱশ্যে সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে এখন জাননী প্রদান কৰে৷ গুৰুত্বপূর্ণ যে গ্রেপ্তাৰৰ কোনো ভু নিদিলেও অভিযানকাৰী মুম্বাই–ৰায়গড় আৰক্ষীয়ে সাংবাদিক গোস্বামীক স্থানীয় এন এম যোশী মার্গ আৰক্ষী থানাত প্রৱেশ কৰোৱাই তথ্য লিপিবদ্ধ কৰি পিছলৈ আলিবাগ থানাৰ আৰক্ষীক গতাই দিয়ে৷
অন্বয় নাইক আত্মহত্যা গোচৰ
কনক’ড ডিজাইন প্রাইভেট লিমিটেড নামৰ আর্কিটেক ফার্মৰ পৰিচালন সঞ্চালক অন্বয় নাইকে তেওঁৰ মাতৃসহ আলিবাগৰ কবিৰ ভিলেজৰ ফার্ম হাউছত আত্মহত্যা কৰিছিল৷ ২০১৮ চনৰ মে’ত কবিৰ ভিলেজৰ ফার্ম হাউছত প্রথম মহলাৰ চিলিঙত অন্বয় নাইকক চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে তেওঁৰ মাতৃৰ মৃতদেহ গ্রাউণ্ড ফ্ল’ৰৰ মাটিত উদ্ধাৰ কৰিছিল৷ উক্ত সময়তে আৰক্ষীয়ে ঘটনাস্থলীত ইংৰাজীত লিখিত ছুইচাইড নোটো পাইছিল৷ এই ছুইচাইড নোটত তিনিটা কোম্পানীৰ মালিকে তেওঁ পাবলগীয়া ধন আদায় নিদিয়া বাবে মাতৃসহ অন্বয় নাইকে আত্মহত্যাৰ পথ বাছি ল’বলগীয়া হোৱা বুলি উল্লেখ আছিল৷ এই সন্দর্ভত অন্বয় নাইকৰ পত্নী অক্ষতাই তিনিটা কোম্পানীৰ ভিতৰত বোম্বে ডায়িং ষ্টুডি’ প্রজেক্টৰ কাৰণে ৮৩ লাখ টকা এ আৰ জি আউটলায়াৰৰ স্বত্বাধিকাৰ অর্ণৱ গোস্বামী আৰু আন দুটা কোম্পানী স্কাই মিডিয়াৰ ফিৰোজ শ্বেখ আৰু ষ্টার্টৱর্কব স্বত্বাধিকাৰী নিতেশ ছাৰদাই ক্রমে ৪ কোটি আৰু ৫৫ লাখ টকা আদায় দিয়া নাই বুলি আলিবাগ থানাত অভিযোগ দাখিল কৰিছিল৷ আনকি অন্বয় নাইকৰ পত্নীয়ে তেওঁৰ স্বামী আৰু মাতৃক আত্মহত্যাৰ উচটনি দিয়া বাবে অর্ণৱ গোস্বামী, ফিৰোজ শ্বেখ আৰু নিতেশ ছাৰদাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল৷ অন্বয় নাইকৰ ছুইচাইড নোট আৰু নাইকৰ পত্নীৰ অভিযোগৰ ভিত্তিত আলিবাগ আৰক্ষীয়ে অর্ণৱ গোস্বামী, ফিৰোজ শ্বেখ আৰু নিতেশ ছাৰদাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ আধাৰত অনুসন্ধানত অন্বয়ে আত্মহত্যা কৰাৰ পূর্বে তেওঁৰ মাতৃ কুমুদক ডিঙি চেপি হত্যা কৰা বুলি নিশ্চিত হৈ হত্যাৰ গোচৰ ৰুজু কৰে আলিবাগ আৰক্ষীয়ে৷ এবছৰ ধৰি অনুসন্ধানৰ অন্তত আলিবাগ আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গোস্বামী আৰু আন দুগৰাকীৰ বিৰুদ্ধে কোনো সাক্ষ্য নাই বুলি অভিযোগনামা দাখিল কৰি গোচৰটো বন্ধ কৰি দিয়ে৷ বিগত বর্ষত গোচৰটো আলিবাগ আৰক্ষীয়ে বন্ধ কৰি দিয়াৰ পাছত সেই গোচৰটো পুনৰ তদন্তৰ বাবে মুকলি কৰি মুম্বাই–ৰায়গড় আৰক্ষীয়ে সাংবাদিক গোস্বামীসহ আন দুজনক আজি গ্রেপ্তাৰ কৰে৷ এই গোচৰৰ তদন্ত পুনৰ আৰম্ভ কৰা সন্দর্ভত ৰাজ্যখনৰ গৃহমন্ত্রী অনিল দেশমুখে কয় যে অন্বয় নাইকৰ কন্যা আদন্যা নাইকে গোচৰটো পুনৰ মুকলি কৰাৰ অনুৰোধ জনোৱাৰ বাবে চি আই ডিৰ দ্বাৰা এই গোচৰটো পুনৰ তদন্ত আৰম্ভ কৰা হৈছে৷
গ্রেপ্তাৰৰ পাছত মোক প্রহাৰ কৰা হৈছেঃ অর্ণৱ গোস্বামী
নিজ বাসভৱনত আজি পুৱা মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছতে তেওঁক আৰক্ষীয়ে প্রহাৰ কৰা হৈছে বুলি দাবী কৰিছে সাংবাদিক অর্ণৱ গোস্বামীয়ে৷ ৫৩ বছৰীয়া ইণ্টেৰি’ৰ ডিজাইনাৰ অন্বয় নাইকৰ আত্মহত্যাত উচটনি দিয়াৰ অভিযোগ তুলি সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰাৰ সময়ত প্রহাৰ কৰাৰ দাবী কৰি ভিডি’ ফুটেজ প্রচাৰ কৰিছে৷ গ্রেপ্তাৰৰ সময়ত গোস্বামীক প্রহাৰ কৰাৰ লগতে তেওঁৰ শাহু–শহুৰৰ লগতে পুত্র–পত্নীকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে মুম্বাই আৰক্ষীৰ বিৰুদ্ধে৷

You might also like