নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিৰ নামত মূৰৰ পৰা ভৰিলৈ পইচা খালে হাজেলাই

মন্ত্রী ড০ শর্মাৰ ক্ষোভ

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ অসমীয়া জাতিৰ সুৰক্ষা কৱচ ৰূপে পৰিচিত এন আৰ চি প্রকাশৰ নামত ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই কেৱল ধনহে লুণ্ঠন কৰিলে৷ নাগৰিকপঞ্জী প্রকাশৰ নামত প্রতীক হাজেলাৰ ভুলৰ বাবে এন আৰ চিত মোগলৰ নাম সোমাল৷ দীর্ঘদিনৰ অন্তত ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ আজি পুনৰ সৰৱ হ’ল ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বৃহস্পতিবাৰে সাংবাদিকৰ আগত এন আৰ চি প্রসংগত তেওঁ কয়– প্রতীক হাজেলাই এন আৰ চিখন এনেধৰণে প্রস্তুত কৰিলে যে বহু জিলাত চোৰেই পুলিচ হ’ল৷ দৰাচলতে ধুবুৰীৰ মানুহে গৈ শিৱসাগৰত এন আৰ চি কৰিব লাগিছিল আৰু শিৱসাগৰৰ মানুহ ধুবুৰীলৈ আহি এন আৰ চি কৰিব লাগিছিল৷ এতিয়া ধুবুৰী, বৰপেটাত নিজে নিজৰ এন আৰ চি কৰিলে৷ প্রতীক হাজেলাই মৌলিকভাৱে এন আৰ চিখন ভুল কৰি থৈ গৈছে৷ নির্বাচনৰ পাছত উচ্চতম ন্যায়ালয়ৰ অনুমতি লৈ নাগৰিকপঞ্জীখনৰ পুনৰ কাম–কাজ আৰম্ভ কৰা হ’ব৷ আমি ন্যায়ালয়ৰ অনুমতি বিচাৰি আছোঁ, যাতে ১৫ শতাংশ পুনৰীক্ষণ কৰিব পাৰোঁ৷ আমি ধুবুৰীৰ মানুহেৰে শিৱসাগৰৰ আৰু শিৱসাগৰ–যোৰহাটৰ্ মানুহেৰে ধুবুৰীৰ এন আৰ চিৰ কাম–কাজ কৰিব বিচাৰিছোঁ৷ কিন্তু এবাৰ আমি ইয়াক পুনৰীক্ষণ কৰিব বিচাৰিছোঁ৷

প্রতীক হাজেলা প্রসংগত মন্ত্রীগৰাকীয়ে কয়– এন আৰ চিৰ গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ে নিজৰ হাতলৈ নি ৰাজ্য চৰকাৰক নিষ্ক্রিয় কৰি দিলে৷ প্রতীক হাজেলাই অসমৰ ৰাইজক এনে এটা ভাবমূর্তি দেখুৱালে যে তেওঁ বহুত ভাল কাম কৰি আছে৷ ৰাজ্য চৰকাৰে হাজেলাৰ বিৰুদ্ধে এটাও শব্দ ক’ব নোৱাৰা হ’ল৷ পাছত যেতিয়া নিশাটোৰ ভিতৰতে হাজেলা অসম এৰি গুচি গ’ল, তেতিয়াহে সকলোৱে বুজি পালে৷ প্রতীক হাজেলাই অসমৰ মধ্যবিত্ত শ্রেণীটোক আৰু বুদ্ধিজীৱীসকলক এনে এক ভাবমূর্তি দেখুৱালে যে তেওঁ ভাল কাম কৰি আছে৷ সেয়েহে তেওঁৰ বিৰুদ্ধে মাত মতাৰ পৰিৱেশ নোহোৱা হ’ল৷ মুখ্যমন্ত্রীয়ে তেওঁক সাক্ষাৎ কৰিব খুজিও চাৰি দিনলৈ সাক্ষাৎ নাপালে৷ মুঠৰ ওপৰত এন আৰ চিৰ নামত তেওঁ মূৰৰ পৰা ভৰিলৈ পইচা খালে৷ এতিয়া মহাগাণনিকে এই বিষয়বোৰ পৰীক্ষা কৰি আছে৷ অচিৰেই মহাগাণনিকৰ প্রতিবেদন বিধানসভাত দাখিল হ’ব৷ ইতিমধ্যে হাজেলাৰ বিত্তীয় অনিয়মৰ বিষয়ে মহাগাণনিকে প্রকাশ কৰা খচৰা প্রতিবেদন সংবাদ মাধ্যমত মই দিছোঁ৷ গতিকে অচিৰেই সকলো দিশ পোহৰলৈ আহিব৷

You might also like