নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমতো নিষিদ্ধ হ’ব নেকি ফটকা-আতচবাজী!

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ দিল্লী, ৰাজস্থান, কৰ্ণাটক, উৰিষ্যা, পশ্চিমবংগ এই পাঁচখনত ৰাজ্যত নিষিদ্ধ হৈছে ফটকা-আতচবাজী। অসমত দীপাৱলী সময়তো নিষিদ্ধ হ’ব নেকি ফটকা।

বৰপেটা ফটকা আতচবাজী উদ্য়োগৰ সৈতে জড়িত লোকসকলে কি বিচাৰে। এই সন্দৰ্ভত নিউজ লাইভৰ আগত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ফটকা সম্পূৰ্ণ ৰূপে নিষিদ্ধ হ’ব নালাগে। ইয়াক লৈ এটা ডাঙৰ উদ্যোগ জড়িত হৈ আছে। তেওঁলোকে দীপাৱলীক লৈ যথেষ্ট আশাবাদী।

বিশেষকৈ তামিলনাডুৰ শিৱকাশীত ফটকাৰ উদ্য়োগ আছে য’ত আঠ লাখ মানুহ জড়িত হৈ আছে। তাৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত ইয়াক যোগান দিয়া হয় । উদাহৰণ স্বৰূপে প্ৰায় সংখ্যক ৰাজ্যত যদি ফটকাক নিষিদ্ধ কৰা হয় তেতিয়া সেই মানুহখিনি বিশেষকৈ লকডাউনৰ পিছত যি সমস্যাৰ সন্মুখীন হৈছে তেতিয়া আৰু বেয়া পৰিস্থিতিৰ সৃষ্টি হ’ব।

যিবোৰ অঞ্চলত প্ৰদূষণৰ সমস্যা বেছি সেইবোৰ অঞ্চলত তাত সেউজীয়া ফটকা প্ৰচাৰ কৰিব পাৰো বা কমকৈ ফটকা ফুটাব পাৰো সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলি মন্তব্য কৰে এজন যুৱকে।

আনহাতে যুৱ প্ৰজন্মৰ একাংশ প্ৰতিনিধিয়ে কয় যে ফটকা নিষিদ্ধ কৰিব নালাগে আৰু বেছি প্ৰদূষণ হোৱা ঠাইত কমকৈ ফটকা ফুটুৱাব লাগে বুলি মতপোষণ কৰে।

ইফালে বৰপেটা আতচবাজী উদ্য়োগৰ লগত জড়িত এজন লোকে কয় যে “যিদৰে বেলেগ ৰাজ্যত আতচবাজী নিষিদ্ধ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা অসমত যদিও কৰা নাই , তাৰ পিছতো কোনো ক’ব নোৱাৰে অসমত দীপাৱলী ভালদৰে হ’ব, এটা অনিশ্চয়তা মাজত আমি ভুগি আছো। কাৰণ আজিলৈকে আমি এটা সামগ্ৰী বাহিৰলৈ পঠাব পৰা নাই।

কাৰণ সকলোৱে অৰ্ডাৰ কৰিছে, যদিও আগধন দিয়া নাই। লকডাউনৰ বাবে ৪-৫ মাহ ধৰি আৰ্থিক অনাটনত জুৰুলা হৈছো। দিপাৱলীৰ বাবে আমিও বস্তু প্ৰস্তুত কৰিলো। যদি অনুমতিয়েই নিদিয়ে পুনৰ আমাৰ ওপৰত মাধমাৰ পৰিব। বহিঃৰাজ্যত আতচবাজী চৰকাৰে নিষিদ্ধ কৰিছে যদিও ইয়াৰ প্ৰভাৱ আমাৰ ইয়াতো পৰিছে। চৰকাৰে সিদ্ধান্ত লোৱা নাই তথাপিও সিদ্ধান্ত এটা লৈও ৰাজহুৱা কৰিব লাগে। বৰপেটাৰ মৃন্ময়শিল্পী সকলৰ ওপৰত এই সিদ্ধান্তই মাধমাৰ সোধাব”।

You might also like