নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত চোৰাং খড়্গ বিক্ৰী কৰিবলৈ অহা মহিলাসহ ৪ অভিযুক্তক আটক

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ চোৰাং খড়্গৰ বেহাৰত দুলীয়াজানত গ্ৰেপ্তাৰ হৈছে ৪ জনকৈ অভিযুক্ত আৰু জব্দ হৈছে এটা চোৰাং খড়্গ । ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, নামৰূপৰ উপ আৰক্ষী অধীক্ষক কূলপ্ৰদীপ ভট্ৰাচাৰ্য আৰু দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত যোৱা আৰক্ষী দলে এক নাটকীয় কৌশলেৰে আটক কৰিবলৈ সক্ষম হয় চোৰাং খড়্গ বিক্ৰী কৰিবলৈ অনা দুই মহিলা-পুৰুষৰ লগতে দুলীয়াজানৰ আন দুজন অভিযুক্তক । লক্ষীমপুৰৰ ধৃত অভিযুক্ত দুজন হৈছে দিব্য দাস (৩৭) , ৰুমী দেৱী ভাগৱতী (৩৯) আৰু একেই ঘটনাৰ লগত জড়িত অভিযুক্তদ্বয় হৈছে দুলীয়াজানৰ জয়ানগৰৰ থানু গগৈ (৪৪) , অইল আবাসিক অঞ্চলৰ নিজন দত্ত (৫৬) । ইয়াৰে থানু গগৈ অইলৰ বাহন চালক আৰু নিজন দত্ত অইলৰ চিভিল বিভাগত কৰ্মৰত বুলি জানিব পৰা গৈছে ।

আৰক্ষী সূত্ৰৰ পৰা প্ৰাপ্ত খৱৰ অনুসৰি কালি দিনযোৰাকৈ চলোৱা এক গোপন অভিযানত দুলীয়াজান থানাৰ সমীপৰে জয়ানগৰৰ জয়াপথৰ স্হানীয় নিবাসী থানু গগৈৰ গৃহৰ পৰা জব্দ কৰে সন্দেহজনক চোৰাং খড়্গটো লগতে ঘটনাস্হলীত উপস্থিত থকা মহিলাসহ চাৰিজন লোক আৰক্ষীৰ জালত পৰে । আন এক সূত্ৰ অনুসৰি দুলীয়াজান ৰজাআলিৰ হীৰু কৰ্মকাৰ নামৰ ব্যক্তি এজনে লক্ষীমপুৰৰ দুই অভিযুক্তক থানু গগৈৰ সৈতে যোগাযোগ কৰাই দিছিল । দুলীয়াজানতে চোৰাং খড়্গটো এক-ডেৰলাখত বিক্ৰী কৰি ধন লাভৰ উদ্দেশ্যে দুই অভিযুক্তই থানু গগৈৰ গৃহত এনিশা বাহৰ পাতিছিল । অৱশেষত আৰক্ষীৰ জালত পৰি কেওজন অভিযুক্ত সম্প্ৰতি দুলীয়াজান আৰক্ষী থানাৰ আলহী হৈছে । ধৃত কেওজনকে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰখাৰ লগতে জব্দকৃত সন্দেহজনক চোৰাং খড়্গটো ফৰেনচিকলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

You might also like