ঐক্যবদ্ধ আমেৰিকা গঢ়াৰ সংকল্প নৱনির্বাচিত ৰাষ্ট্রপতিৰ
জ’ বাইডেনৰ বিজয়ক লৈ আমেৰিকাত ডেম’ক্রেট সমর্থকৰ উল্লাস
নিয়মীয়া বাৰ্তা 9 নৱেম্বৰঃ উৎকণ্ঠাৰ অৱসান ঘটাই বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্র আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জ’ বাইডেন বিজয়ী হোৱাৰ লগে লগে দেশখনৰ বিভিন্ন চহৰত দুই প্রতিদ্বন্দ্বী শিবিৰ ডেম’ক্রেট আৰু ৰিপাব্লিকানৰ মাজত দেখিবলৈ পোৱা গৈছে উল্লাস তথা হতাশা৷ এফালে যদি ডেম’ক্রেট দলৰ নেতা–কর্মী তথা সমর্থকসকলে এই বৃহৎ নির্বাচনত জ’ বাইডেনৰ বিজয়ক লৈ আনন্দ–উল্লাস প্রদর্শন কৰিছে, আনফালে ৰিপাব্লিকান সমর্থকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে পৰাজয়ৰ চৰম হতাশা৷আনুষ্ঠানিকভাৱে জ’ বাইডেনৰ বিজয়ৰ কথা ঘোষণা কৰা হোৱা নাই যদিও কালি পেনছিলভেনিয়াত ট্রাম্পক পৰাভূত কৰি ২০টা ইলেক্টৰেল কলেজ ভোট ডেম’ক্রেটিক প্রার্থীগৰাকীয়ে লাভ কৰাৰ লগে লগে হোৱাইট হাউছৰ শীর্ষ পদবীত দ্বিতীয়টো কার্যকালৰ বাবে আৰোহণৰ সপোন ধূলিসাৎ হয় ৰাষ্ট্রপতি ট্রাম্পৰ৷ পেনছিলভেনিয়াত ট্রাম্পৰ দুর্গৰ পতনৰ লগে লগে আমেৰিকাৰ ইতিহাসত ৰাষ্ট্রপতিগৰাকীয়ে এটা কার্যকালৰ বাবে ক্ষমতাত থকা মাত্র কেইগৰাকীমান নেতাৰ সৈতে একেখন তালিকাত স্থান লাভ কৰিলে৷ ইয়াৰ বিপৰীতে দুটাকৈ উপ–ৰাষ্ট্রপতিৰ কার্যকালৰ দায়িত্ব পালন কৰা জ’ বাইডেনে দেশখনত গঢ়িলে নতুন ইতিহাস৷ নিউয়র্কৰ পৰা লছ এঞ্জেলছলৈ এই বাতৰি যুগুতোৱাৰ পৰলৈ চলি আছে ডেম’ক্রেটিক পার্টীৰ বিজয় উৎসৱ৷ লক্ষণীয়ভাৱে বাইডেনৰ বিজয়ৰ পাছতে নিউয়র্কৰ টাইম স্কোৱাৰত বিদায়ী ৰাষ্ট্রপতি ট্রাম্পৰ পৰাজয়ক লৈও বিভিন্ন মহলে উল্লাস প্রদর্শন কৰি আমেৰিকাৰ পূর্বৰ মর্যাদা পুনৰ ঘূৰি আহিব বুলি মত প্রকাশ কৰিছে৷ ইফালে ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱাৰ প্রথমটো বিজয়ী ভাষণত ৭৭ বছৰীয়া ডেম’ক্রেটিক নেতা জ’ বাইডেনে ঘোষণা কৰিছে যে তেওঁ সকলো আমেৰিকানৰে ৰাষ্ট্রপতি৷ স্মর্তব্য যে ড’নাল্ড ট্রাম্প ২০১৬ চনত নির্বাচিত হোৱাৰ সময়ত বহু আমেৰিকানে নেতাগৰাকীক ৰাষ্ট্রপতি হিচাপে মানি ল’বলৈ অস্বীকাৰ কৰিছিল৷ ইয়াৰ বিপৰীতে জ’ বাইডেনে আমেৰিকাৰ সকলো বাসিন্দাকে প্রতিনিধিত্ব কৰিব বুলি প্রথমটো ভাষণতে ঘোষণা কৰিছে৷ বিভাজন নহয়, ঐক্যবদ্ধ আমেৰিকাৰ স্বার্থত সদায় কাম কৰি যাব বুলি ডেলাৱাৰেত মন্তব্য কৰিছে বাইডেনে৷ লক্ষণীয়ভাৱে ডেলাৱাৰেত বাইডেন পৰাজিত হৈছে৷ আনকি নেতাগৰাকীয়ে বিৰোধী পক্ষক শত্রু জ্ঞান কৰাৰ চাৰি বছৰীয়া পৰম্পৰা বন্ধ কৰিব বুলিও ঘোষণা কৰিছে৷ বিৰোধীৰ দুর্গ ডেলাৱাৰেতে বাইডেনে সকলো আমেৰিকানক ঐক্যবদ্ধভাৱে লৈ আগবাঢ়ি যাব বুলি কৰা ঘোষণা আজিৰ মুহূর্তত তাৎপর্যপূর্ণ হিচাপে চিহ্ণিত হৈছে৷ বাইডেনৰ বিজয়ক লৈ আমেৰিকাজুৰি উল্লাস চলি থকাৰ সময়তে হতাশাগ্রস্ত ট্রাম্পৰ ৰিপাব্লিকান শিবিৰে বিভিন্ন চহৰত সাব্যস্ত কৰিছে প্রতিবাদ৷বাইডেনৰ বিজয়ক লৈ ৰাজনৈতিক বিশ্লেষকসকলে ভাৰত–আমেৰিকাৰ সম্পর্কৰ অৱনতি ঘটিব পাৰে বুলি আশংকা কৰি আহিছে যদিও নেতাগৰাকীয়ে ৫ লাখ ভাৰতীয় নাগৰিকক আমেৰিকাৰ নাগৰিকত্ব প্রদান কৰিব বুলি ঘোষণা কৰিছে৷ ইয়াৰ জৰিয়তে নতুন দিল্লী প্রশাসনৰ স’তে জ’ বাইডেন প্রশাসনে সম্পর্ক উন্নত কৰাৰ ইংগিত দিছে৷ অকল সেয়াই নহয়, ইৰান–ছিৰিয়াকে ধৰি বিভিন্ন মুছলমান বসতিপ্রধান দেশৰ নাগৰিকসকলক আমেৰিকা ভ্রমণৰ অনুমতি প্রদান কৰিব বুলিও ঘোষণা কৰিছে নৱনির্বাচিত ৰাষ্ট্রপতিগৰাকীয়ে৷ স্মর্তব্য যে ড’নাল্ড ট্রাম্পে ইৰান–ছিৰিয়াকে ধৰি বিভিন্ন মুছলিম সংখ্যাগৰিষ্ঠ দেশৰ নাগৰিকসকলৰ আমেৰিকা ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ এই সিদ্ধান্তৰ বাবেই বিশ্বজুৰি সমালোচিত হৈছিল ড’নাল্ড ট্রাম্প৷ জ’ বাইডেনে ট্রাম্পৰ সেই নেতিবাচক সিদ্ধান্তসমূহ সম্পূর্ণৰূপে আমেৰিকাৰ পৰা পৰিহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ বিভিন্ন সংবাদ সংস্থাই সদৰী কৰিছে যে ৰাষ্ট্রপতি নির্বাচনত এতিয়ালৈকে জ’ বাইডেনে ২৯০টা ইলেক্টৰেল কলেজ ভোট লাভ কৰাৰ বিপৰীতে ট্রাম্পে লাভ কৰিছে ২১৪টা৷
চিনেটৰ, উপ–ৰাষ্ট্রপতিৰ পৰা ৰাষ্ট্রপতিলৈ বর্ণিল জীৱন
আমেৰিকাৰ ইতিহাসত প্রথমবাৰলৈ আটাইতকৈ বয়োজ্যেষ্ঠ নেতা হিচাপে ৰাষ্ট্রপতি নির্বাচনত জয়লাভ কৰা ডেম’ক্রেটিক নেতা জ’ বাইডেনৰ ৰাজনৈতিক জীৱন পৰিক্রম আৰম্ভ হৈছিল ১৯৭২ চনত৷ ১৯৪২ চনৰ ২০ নৱেম্বৰত উত্তৰ–পূব পেনছিলভেনিয়াৰ স্ক্রেণ্টন চহৰত জন্মলাভ কৰা বাইডেনৰ পিতৃ আছিল এগৰাকী গাড়ী বিক্রেতা৷ মাতৃ কেথেৰিন ইউজেনিয়া ‘জিন’ ফিনেগান আছিল নেতাগৰাকীৰ জীৱনৰ অন্যতম দিক্দ্রষ্টা৷ ১৯৭২ত দেশখনৰ চিনেটৰ হিচাপে নির্বাচিত হোৱাৰ পূর্বে এগৰাকী এটর্নীৰ দায়িত্ব পালন কৰিছিল বাইডেনে৷ লক্ষণীয়ভাৱে ২০০৮ চনলৈকে ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থিত্বৰ দৌৰত অৱতীর্ণ হৈছিল বাইডেন৷ কিন্তু ডেম’ক্রেটিক নেতা বাৰাক অ’বামাই বাইডেনক উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে মনোনীত কৰিছিল৷ ৰাষ্ট্রপতি অ’বামাৰ সৈতে দুটাকৈ কার্যকাল উপ–ৰাষ্ট্রপতিৰ দায়িত্ব পালন কৰিছিল বাইডেনে৷ স্মর্তব্য যে হাইস্কুলীয়া জীৱনত বাইডেন আছিল এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ৷ স্কুলীয়া দিনতে দুটাকৈ জার্মান ছেফার্ড লগত লৈ ফুৰা বাইডেন হৈ পৰিছিল বন্ধু মহলৰ বাবে ঈর্ষাৰ কাৰণ৷ স্মর্তব্য যে বাইডেনে বিভিন্ন সময়ত সু–লেখক হিচাপে পৰিচয় দি আহিছে৷ আমেৰিকাত মহিলাৰ বিৰুদ্ধে সংঘর্ষ প্রতিৰোধ আইনৰ মূল চেম্পিয়ন আছিল বাইডেন৷ চিনেটৰ হিচাপে নির্বাচিত হোৱাৰ পূর্বে ১৯৭২ৰ ডিচেম্বৰত এক পথ দুর্ঘটনাত তেওঁৰ প্রথমা পত্নী নেইলিয়া আৰু এবছৰীয়া কন্যা আমীৰ মৃত্যু হৈছিল৷ লক্ষণীয়ভাৱে ডেলাৱাৰেৰ পৰা চিনেটৰ হিচাপে নির্বাচিত হোৱা বাইডেনে ৱাশ্বিংটনত শপত লোৱাৰ পূর্বে বিছনাত পৰি থকা পুত্রৰ হাস্পতাল কক্ষৰ পৰাই শপতগ্রহণ কৰিছিল৷ ১৯৭৭ চনত দ্বিতীয়বাৰলৈ বাইডেন বিবাহপাশত আবদ্ধ হয় জিলৰ সৈতে৷ জিল আৰু জ’ বাইডেনৰ আছে আছলী নামৰ এগৰাকী দুহিতা৷ স্মর্তব্য যে ২০১৫ মে’ত বাইডেনৰ ৪৬ বছৰীয়া পুত্র বিয়োৰ কর্কট ৰোগত আক্রান্ত হৈ মৃত্যু হয়৷ অর্থাৎ বহু ঘাত–প্রতিঘাত অতিক্রম কৰি আজি ৭৭ বছৰ বয়সত হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰিছে বাইডেনে৷