নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ বোম্বে হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অসম সন্তান অর্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে৷

ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইকক আত্মহত্যাৰ উচটনি দিয়া দুবছৰ পুৰণি গোচৰত যোৱা বুধবাৰে গ্রেপ্তাৰ কৰা বিশিষ্ট সাংবাদিক অর্ণৱ গোস্বামী ১৪ দিনৰ ন্যায়িক জিম্মাত থকাৰ মাজতে গোস্বামীৰ অধিবক্তাই দাখিল কৰা অন্তর্ৱর্তীকালীন জামিন আবেদন এখন বোম্বে উচ্চ ন্যায়ালয়ে আজি নাকচ কৰে৷

উল্লেখ্য যে ইতিমধ্যে সোমবাৰে পুৱাই গোস্বামীৰ অধিবক্তাই আলিবাগ সত্র আদালতত নিয়মীয়া জামিন আবেদন দাখিল কৰিছে৷ ইপিনে বোম্বে উচ্চ ন্যায়ালয়ে যোৱা শনিবাৰে জামিন আবেদনৰ ৰায় সংৰক্ষিত ৰখাৰ পাছতেই আলিবাগ আৰক্ষী থানাত ক’ভিড কেয়াৰ চেণ্টাৰ এটা ৰখা সাংবাদিক গোস্বামীক তাল’জা কাৰাগাৰলৈ লৈ যায়৷ আৰক্ষীৰ ভেনেৰে গোস্বামীক তাল’জা কাৰাগাৰলৈ যোৱা অৱস্থাত সাংবাদিক গোস্বামীয়ে তেওঁৰ জীৱনলৈ ভাবুকি অহা বুলি উল্লেখ কৰাৰ লগতে জেইলাৰে প্রহাৰ কৰা বুলি দাবী কৰে৷

সাংবাদিক গোস্বামীয়ে আনকি তেওঁৰ অধিবক্তাক পৰিয়ালৰ লোকক সাক্ষাতৰ সুযোগ নিদিয়া বুলিও ভানৰ পৰাই সাংবাদিকৰ সন্মুখত প্রকাশ কৰে৷ পিছত মহাৰাষ্ট্রৰ ৰাজ্যপালে সাংবাদিকজনক পৰিয়ালক সাক্ষাতৰ অনুমতি দিবলৈ নির্দেশ দিয়ে৷

You might also like