ধনতেৰাছঃ এনে ৫টা সপোন দেখে নেকি? দেখিলে থাকিব পাৰে ধনপ্ৰাপ্তিৰ যোগ
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ দীপাৱলীৰ সময়ত হিন্দু দেৱী লক্ষ্মীক সকলোৱে আৰাধনা কৰে। আৰাধনাৰ প্ৰক্ৰিয়া ভিন্ন হ’লেও সকলোৰে উদ্দেশ্য কিন্তু এটাই। সেয়া হ’ল ধনপ্ৰাপ্তি। বহু ভক্তৰ ওপৰত লক্ষ্মীয়ে কৃপাও কৰে। কিন্তু ধন আগমনৰ পূৰ্বে আপুনি তাৰ ইংগিত পোৱাৰ এটা মাধ্যম হ’ল সপোন। সপোন বাস্তৱায়িত হোৱাৰ বহু ইতিহাস আছে আছে উদাহৰণো।
ভাৰতীয় জ্যোতিষ শাস্ত্ৰ মতে, সপোনৰ লগত মানুহৰ ভৱিষ্যতৰ বহু কথা জড়িত থাকে। ধন আগমনৰ ক্ষেত্ৰতো এনেবোৰ সপোন দেখিলে সাধাৰণতে ধন লাভৰ সম্ভাৱনা ব্যক্ত কৰে জ্যোতিষ শাস্ত্ৰই।
কি এই পাঁচটা সপোন
-যদি আপুনি সপোনত নীলকণ্ঠ বা সাৰস পক্ষী দেখে, তেন্তে ধন লাভৰ লগতে সন্মানপ্ৰাপ্তি হ’ব পাৰে।
-সপোনত যদি কদম গছ দেখে, তেন্তে আপোনাৰ ধন লাভৰ লগতে সুস্বাস্থ্য অৰ্জন হ’ব পাৰে।
-সপোনত আমলখি আৰু পদুম ফুল একেলগে দেখিলেও ধনপ্ৰাপ্তিৰ আশা থাকে।
-সপোনত সোণৰ যিকোনো দ্ৰব্য দেখিলে ধন লাভৰ সম্ভাৱনা থাকে।
-সপোনত গাইগৰু প্ৰত্যক্ষ কৰাটো অত্যন্ত শুভ কথা বুলি গণ্য কৰা হয়, ইয়াৰ জৰিয়তে মান-সন্মানৰ লগতে বৈভৱ প্ৰাপ্তি হ’ব পাৰে।