নিয়মীয়া বাৰ্তা, ১১ নবেম্বৰঃ ভাৰত চৰকাৰৰ অধীনলৈ আহিব সকলো ডিজিটেল সংবাদমাধ্যম, ৱেব পৰ্টেল। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহিব অনলাইনত চলি থকা সংবাদমাধ্যমো। দৈনিক বৃদ্ধি পাই অহা বেৱ পৰ্টেলসমূহক নাকী লগোৱাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ।
ডিজিটেল প্লেটফৰ্মখনত অবাধে গতিত বৃদ্ধি পোৱা বেৱ পৰ্টেল সমূহে বাতৰিৰ মূল্য নাৰাখি জধে-মধে বাতৰি লিখা পৰিলক্ষিত হয় কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ চলি থকা এই পৰ্টেলসমূহৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ অহাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে একাংশই।