অৱশেষত অৰ্ণৱ গোস্বামীক জামিনত মুক্তি
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ অৱশেষত জামিন পালে সাংবাদিক অৰ্ণৱ গোস্বামীয়ে। উচ্চতম ন্যায়ালয়ে আজি ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীক অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন খাৰিজ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে আজি তেওঁৰ জামিন মঞ্জুৰ কৰে। উল্লেখ্য ২০১৮ৰ এটা গোচৰৰ ভিত্তিত সাংবাদিকজনক মুম্বাইৰ বাসভৱনৰ পৰা ৫ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।