নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত ১০০ বাৰ মিটিং কৰিম, পুনৰ হুংকাৰ আজমলৰ

নিয়মীয়া বাৰ্তা, ১১ নবেম্বৰঃ কলাক্ষেত্ৰত আমি ১০০ বাৰ মিটিং পাতিম। আমাৰ চৰকাৰ আহিলে সেই সময়ত যি যি মিটিং হ’ব আমি কলাক্ষেত্ৰত পাতিম। আমাৰ মুখ্যমন্ত্ৰী হ’লেও কলাক্ষেত্ৰত মিটিং কৰিব। কালিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোবালেও মিটিং কৰিছে। আমিও কৰিম বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে।

আনহাতে আজমলৰ এই মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে সাধাৰণ ৰাইজ। অসমীয়া ভাষা-সংস্কৃতিলৈ তিলমানো অৱদান নাই  জগতগুৰুৰ শংকৰদেৱৰ ওপৰত আজমলৰ অধিকাৰ নাই ।ৰাজনৈতিক লালসাৰ বাবে আজমলে এনে মন্তব্য কৰিছে বুলি মন্তব্য সচেতন ৰাইজৰ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰথমে মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ দিছিল কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে। শংকৰদেৱ কলাক্ষেত্ৰত নীলা লুঙী, কলপতীয়া শাৰী ৰখাৰ বিতৰ্কিত প্ৰস্তাৱ দিছিল কংগ্ৰেছী বিধায়কগৰাকীয়ে। এইবাৰ শংকৰদেৱ কলাক্ষেত্ৰত চকু পৰিছে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ।

২০২১ চনত মহাজোঁটবন্ধনৰ চৰকাৰ আহিলে কলাক্ষেত্ৰত মিটিং পাতিব বুলি আজমলে দাবী কৰিছে। শিল্পগ্ৰামত এ আই ইউ ডি এফৰ সাংগঠিনক সভাৰ সমান্তৰালকৈ কলক্ষেত্ৰত অনুষ্ঠিত হৈছিল বিজেপিৰ এখন সভা। এই সভাত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।

You might also like