নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱনির্বাচিত বিধায়কৰ ৬৮%ৰ বিৰুদ্ধে আছে অপৰাধ গোচৰঃ বিহাৰৰাজ

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ ৰাজনীতি অপৰাধীমুক্তকৰণৰ ক্ষেত্রত সকলো দল সৰৱ যদিও নির্বাচনী ফলাফলত ইয়াৰ এখন বিপৰীত ছবি প্রতিফলিত হয়৷ বিহাৰ বিধানসভা নির্বাচনৰ ফলাফলতো তেনে এখন দৃষ্টিকটু প্রতিচ্ছবি প্রতিফলিত হৈছে৷ যোৱা ১০ নৱেম্বৰত ঘোষিত বিহাৰ বিধানসভা নির্বাচনত বিজয়ী ২৪৩জন বিধায়কৰ ৬৮ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছে (এ ডি আৰ) আজি বিহাৰ নির্বাচনত জয়ী বিধায়কক লৈ চলোৱা সমীক্ষাত নৱনির্বাচিত বিধায়কৰ ৬৮ শতাংশ অপৰাধমূলক গোচৰত জড়িত বুলি তথ্য প্রকাশ পাইছে৷ মনোনয়ন–পত্রত দাখিল কৰা শপতনামাত বিজয়ী ২৪১জন বিধায়কৰ ভিতৰত ১৬৩জনৰ বিৰুদ্ধে অর্থাৎ ৬৮ শতাংশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে৷ ইয়াৰে ১২৩জনৰ অর্থাৎ ৫১ শতাংশৰ আছে গুৰুতৰ অপৰাধমূলক গোচৰ৷ এই অপৰাধমূলক গোচৰৰ ভিতৰত আছে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, মহিলাৰ ওপৰত নির্যাতন আদি৷ বিগত বিধানসভা নির্বাচনত জয়ী বিধায়কৰ তুলনাত এইবেলি অপৰাধমূলক গোচৰত জড়িত বিধায়কৰ সংখ্যা বেছি৷ ৯জন বিধায়কৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২, ৩১জনৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱা আৰু ৮জনৰ বিৰুদ্ধে মহিলাৰ ওপৰত নির্যাতনৰ গোচৰ আছে৷ এ ডি আৰে প্রকাশ কৰা তথ্য অনুসৰি ৭৪ বিধায়কৰ ভিতৰত ৫৪জন অর্থাৎ ৭৩ শতাংশ বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ, বিজেপিৰ ৭৩ বিধায়কৰ ভিতৰত ৪৭জনৰ অর্থাৎ ৬৪ শতাংশ, জে ডি ইউৰ ৪৩ৰ ভিতৰত ২০জন অর্থাৎ ৪৭ শতাংশ, কংগ্রেছৰ ১৯জনৰ ভিতৰত ১৬জন অর্থাৎ ৮৪ শতাংশ, বাঁওপন্থীৰ বিজয়ী ১২জনৰ ভিতৰত ১০জন অর্থাৎ ৮৩ শতাংশ আৰু এ আই এম আই এমৰ পাঁচজন বিধায়কৰ পাঁচজন অর্থাৎ ১০০ শতাংশ বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ আনপিনে, বিজয়ী বিধায়কৰ ভিতৰত ১৯৪জন অর্থাৎ ৮১ শতাংশ কোটিপতি৷ বিগত বিধানসভা নির্বাচনৰ তুলনাত এইবেলি কোটিপতি বিধায়কৰ সংখ্যাও বেছি৷ বিজেপিৰ ৬৫, আৰ জে ডিৰ ৬৪, জে ডি ইউৰ ৩৮, কংগ্রেছৰ ১৯জন বিধায়ক কোটিপতি৷ প্রতিবেদন মতে ২০২০ বর্ষৰ নির্বাচনত বিজয়ী বিধায়কৰ গড় সম্পত্তিৰ মূল্য ৪.৩২ কোটি৷ আনপিনে, ৮২জন বিধায়কৰ শিক্ষাগত অর্হতা পঞ্চম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ মাজত৷

You might also like