নির্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতাৰ বিপৰীতে এতিয়াও নিস্তেজ অগপ
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ বিধানসভা নির্বাচনক লৈ শাসকীয় বিজেপি আৰু কংগ্রেছ দলে ৰাজনৈতিক তৎপৰতা ব্যাপক কৰি তোলাৰ সময়তে দলীয় সংঘাতত জর্জৰ হৈ পৰিছে আঞ্চলিক দল অগপ৷ আঞ্চলিক দলটোৰ অস্তিত্বক প্রত্যাহ্বান জনাই ইতিমধ্যে দুটাকৈ আঞ্চলিক দলৰ জন্ম হোৱাৰ সময়তো একাংশ জ্যেষ্ঠ নেতাৰ মুকলি বিদ্রোহ তথা দলটোৰ ভিতৰত চলা সংঘাতে নির্বাচনৰ প্রাকক্ষণত অগপক বিধ্বস্ত কৰি তুলিছে৷ যি সময়ত ১০০ আসনেৰে পুনৰ চৰকাৰ গঠনৰ লক্ষ্যৰে মিত্রদল বিজেপিয়ে তৃণমূল পর্যায়ৰ পৰাই ব্যাপক সাংগঠনিক তৎপৰতা তথা নির্বাচনী সভা অনুষ্ঠিত কৰি দলীয় কর্মীক প্রস্তুত কৰি তুলিছে, তেনে সময়ত একাংশ জ্যেষ্ঠ নেতাৰ মুকলি বিদ্রোহে অগপক দুখোজ পিছুৱাই ৰখাই নহয়, দখলত থকা সমষ্টি উদ্ধাৰৰ ক্ষেত্রত অনিশ্চয়তা আনি দিছে৷ বিশেষকৈ দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক পবিন্দ্র ডেকা, উৎপল দত্ত আৰু প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই বিগত সময়ছোৱাত দলৰ নেতৃত্বৰ বিৰুদ্ধে কৰি অহা ক্ষোভৰ উদ্গীৰণ আৰু সমালোচনাই তৃণমূল কর্মীক হতাশ কৰিবলৈ লৈছে৷
‘কা’ক লৈ ইতিমধ্যে দুটা শিবিৰত বিভক্ত হৈ পৰা অগপ নেতৃত্বই শেহতীয়াকৈ অনুষ্ঠিত কৰা সাধাৰণ সভা আৰু কর্ণধাৰ সমিতিৰ বৈঠকক লৈও সৃষ্টি হৈছিল বিতর্ক৷ তেনে বিতর্কৰ পৰা কিছু উপশম লাভ কৰিছিল যদিও পুনৰ পবিন্দ্র ডেকাৰ দৰে নেতাক এলাগী কৰি অনুষ্ঠিত কৰা বিধান পৰিষদৰ সমিতি গঠন আৰু উৎপল দত্তৰ সমষ্টি লখিমপুৰত বিজেপিয়ে নিজাববীয়াকৈ প্রার্থী থিয় কৰাব বুলি বিজেপিয়ে দিয়া হুংকাৰৰ পাছত অগপ নেতৃত্বৰ নীৰৱতাই দলৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে তীব্র ক্ষোভ৷ আনকি পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাই অগপ সভাপতি তথা দলৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে বিষোদ্গাৰ প্রকাশ কৰি প্রয়োজনত নির্দলীয় প্রার্থী ৰূপে থিয় হোৱাৰো হুংকাৰ দিছে৷ এনে সংঘাতজর্জৰ পৰিৱেশৰ পাছতো বিজেপিৰ হাতত ধৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনাত ব্যস্ত থকা অগপ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তৰ কার্যকলাপক লৈও তৃণমূল কর্মীৰ মাজত ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে অসন্তুষ্টি৷ দলৰ ভিতৰচ’ৰাত চলা এনে সংঘাতক আলোচনাৰে প্রশমন কৰাৰ বিপৰীতে অগপ নেতৃত্বই পবিন্দ্র ডেকাৰ দৰে জ্যেষ্ঠ নেতাক এৰাই চলাৰ কৌশলক লৈও দলটোৰ মাজত বিৰূপ প্রতিক্রিয়া সৃষ্টি হৈছে৷
মন কৰিবলগীয়া যে কালি পাঠশালাত অগপৰ নতুন কার্যালয় এটা মুকলি কৰা হৈছিল৷ কিন্তু দলৰ কার্যালয় মুকলি কৰা অনুষ্ঠানত নিমন্ত্রিত নহ’ল বিধায়ক পবিন্দ্র ডেকা৷ সেয়াই নহয়, পাটাছাৰকুছি সমষ্টিৰ বিধান পৰিষদ সমিতি গঠনৰ ক্ষেত্রতো পবিন্দ্র ডেকাক এলাগী কৰি ৰখা হৈছিল৷ দলীয় নেতৃত্বৰ এনে গুৰুত্বহীন মনোভাবৰ বিপৰীতে বিধায়ক পবিন্দ্র ডেকায়ো বিজেপি আৰু নিজ দলক সমালোচনা কৰিবলৈ গৈ মিত্রজোঁটে এইবাৰ নির্বাচনত ২৫খনহে আসন পাব বুলি মন্তব্য কৰিছিল৷ আনহাতে, লখিমপুৰত শেহতীয়াকৈ বিজেপিয়ে সভা অনুষ্ঠিত কৰি উক্ত সমষ্টিত এইবাৰ প্রার্থী প্রক্ষেপ কৰিব বুলিও হুংকাৰ দিছিল৷ অগপ বিধায়ক উৎপল দত্তক গুৰুত্বহীন কৰি প্রার্থী প্রক্ষেপৰ হুংকাৰ দিয়াৰ পাছতো সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই এইক্ষেত্রত সম্পূর্ণ নীৰৱ হৈ আছে৷
এনে সমগ্র ঘটনাৱলীক লৈয়ে দলৰ বহু জ্যেষ্ঠ নেতা, তৃণমূল কর্মী একপ্রকাৰ হতাশ৷ এয়াই নহয়, আঞ্চলিক দলটোৰ দখলত থকা ১৪টা সমষ্টি পুনৰ উদ্ধাৰৰ ক্ষেত্রতো অতুল বৰা আৰু কেশৱ মহন্তৰ নিস্তেজ ভূমিকাক লৈ দলৰ ভিতৰচ’ৰাত চলিছে সৰৱ আলোচনা৷ বিশেষকৈ কার্যকৰী সভাপতি কেশৱ মহন্তই কেৱল নিজ সমষ্টি বচাবলৈ শেহতীয়াকৈ কলিয়াবৰতে আবদ্ধ থকাৰ ফলত কেইবাজনো প্রত্যাশিত প্রার্থীয়ে অগপৰ টিকটত নির্বাচন খেলিব নে নাই, তাক লৈ নতুনকৈ ভাবিব লাগিছে৷ দলটোৰ এনে সংঘাতজর্জৰ পৰিৱেশ আৰু জ্যেষ্ঠ নেতাৰ মুকলি বিদ্রোহৰ সুযোগ লৈ শাসকীয় বিজেপিয়ে অগপৰ কেইবাটাও সমষ্টিত প্রার্থী প্রক্ষেপৰ বাবে পূর্ণ প্রস্তুতি চলাইছে৷ লখিমপুৰৰ লগতে পাটাছাৰকুছি, তেজপুৰ, নাহৰকটীয়া, টীয়ক, বঢ়মপুৰ আৰু পশ্চিম গুৱাহাটীতো বিজেপিয়ে এইবাৰ প্রার্থী প্রক্ষেপ কৰাৰ বাবে সাজু হৈছে৷ শেহতীয়াকৈ লখিমপুৰত শাসকীয় দলটোৱে প্রার্থী প্রক্ষেপৰ মুকলি ঘোষণাৰ পাছত আনকেইটা সমষ্টিতো সাজু কৰি ৰাখিছে দলৰ কেইবাজনো যুৱ নেতাক৷ এনে পৰিস্থিতিত দলীয় সংঘাতক এৰাই অতুল বৰা আৰু কেশৱ মহন্তই কিদৰে অগপক নির্বাচনৰ পূর্বে অগপৰ তৃণমূল কর্মীক উদ্বুদ্ধ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে৷