নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়া ভ্রমণৰ প্রতি লক্ষ্য ৰাখি অনুশীলনত নামিল ভাৰতীয় খেলুৱৈ

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ প্রত্যাহ্বানজনক অষ্ট্রেলিয়া ভ্রমণৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় খেলুৱৈসকলে  ছিডনীত অনুশীলন আৰম্ভ কৰিছে৷ ইউ এ ইত অনুষ্ঠিত আই পি এল সম্পূর্ণ কৰি সম্প্রতি ছিডনীত কোৱাৰেণ্টাইনত থকা খেলুৱৈসকলে ছিডনী অলিম্পিক পার্কৰ ব্লেক টাউন ইণ্টাৰনেচনেল স্প’টছ পার্কত শাৰীৰিক অনুশীলনত অংশ লয়৷ হার্দিক পাণ্ডিয়া, পৃথ্বি শ্ব আৰু মহম্মদ চিৰাজকে ধৰি একাংশ খেলুৱৈয়ে খেলপথাৰত শাৰীৰিক অনুশীলনত অংশ লোৱাৰ বিপৰীতে উমেশ যাদৱ, কুলদীপ যাদৱ, ৰবীন্দ্র জাদেজা, শ্বেটেশ্বৰ পূজাৰা আৰু ছার্দুল ঠাকুৰে জিমত শাৰীৰিক কচৰৎ কৰা দেখা যায়৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে   খেলুৱৈসকলৰ আউটড’ৰ ট্রেইনিং আৰু জিম ছেচনৰ ছবি টুইটাৰত মুকলি কৰিছে৷ উল্লেখ্য যে ক্রিকেট অষ্ট্রেলিয়া আৰু বি চি চি আইৰ প্রট’কল অনুসৰি ভাৰতীয় খেলুৱৈসকল সম্প্রতি ১৪ দিনৰ কোৱাৰেণ্টাইনত আছে আৰু তেওঁলোকৰ প্রথমটো ক’ভিড টেষ্ট সম্পন্ন হৈছে৷ এই টেষ্টত টীম ইণ্ডিয়াৰ সকলো সদস্যৰ ফলাফল নিগেটিভ অহাত খেলুৱৈসকলে  খেলপথাৰত নামে৷ বি চি চি আইৰ অনুৰোধমর্মে ক্রিকেট অষ্ট্রেলিয়াই খেলুৱৈসকলক কোৱাৰেণ্টাইনৰ মাজতে অনুশীলনৰ অনুমতি দিছে৷ অহা ২৭ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্রেলিয়াৰ এদিনীয়া শৃংখলা আৰম্ভ হ’ব৷

You might also like