নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ ক’ৰোনা ভাইৰাছৰ বিভীষিকা সম্পূর্ণৰূপে দূৰ হোৱাৰ পূর্বেই ‘ক্ষুধাৰ মহামাৰী’ৰ কবলত পৰিব পাৰে বিশ্ববাসী৷ ৰাষ্ট্রসংঘৰ অধীনস্থ সংস্থা ৱর্ল্ড ফুড প্রগ্রেমৰ এক্সিকিউক ডাইৰেক্টৰ ডেভিদ বিছলেই সতর্ক কৰি দিছে যে ২০২১ চনত খাদ্য সংকটৰ ফলত একাধিক ভয়ংকৰ দুর্ভিক্ষৰ সৃষ্টি হয়৷ তেওঁ এই জটিল পৰিস্থিতিৰ ভৱিষ্যদ্বাণী কৰি কয়–এতিয়াই যদি দেশসমূহে জৰুৰী পদক্ষেপ গ্রহণ নকৰে, তেন্তে আৰু মাথোঁ কেইটামান মাহৰ ভিতৰতে দুর্ভিক্ষই গ্রাস কৰিব বিশ্ববাসীক৷
ক’ভিড–১৯ৰ ব্যাপক সংক্রমণে ২০২০ চনটো সংঘর্ষপূর্ণ কৰি তুলিলে৷ কিন্তু বিছলেৰ মতে ২০২০তকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব ২০২১ চনত৷ উল্লেখ্য যে চলিত বছৰৰ এপ্রিলতেই ক্ষুধাৰ মহামাৰী সন্দর্ভত সতর্ক কৰি দিছিল ন’বেল বঁটা বিজয়ী সংস্থাটোৱে৷ ক’ভিড তুংগত থকাৰ সময়ত বিষয়টোৱে গুৰুত্ব নাপালে যদিও এই সময়ত যদি জৰুৰী পদক্ষেপ গ্রহণ কৰা নহয়, তেন্তে দুর্ভিক্ষৰ পৰা পৰিত্রাণ পোৱাটো অসম্ভৱ হৈ পৰিব৷ ৱর্ল্ড ফুড প্রগ্রেমৰ মুৰব্বীজনে কয় যে ২০২০ চনত এনে এক পৰিস্থিতিৰ পৰা ৰক্ষা পোৱাটো সম্ভৱ হৈছিল বিশ্ব নেতাসকলৰ সময়োচিত হস্তক্ষেপৰ বাবে৷ প্রয়োজনীয় পুঁজি, পেকেজ আৰু ঋণ যোগান ধৰা হৈছিল৷ কিন্তু বিভিন্ন স্থানত পুনৰ ক’ভিড–১৯ৰ ঢ়ৌ ঘূৰি আহিছে৷
অর্থনৈতিক জটিলতা অব্যাহত থকাৰ সময়তে মধ্যম উপার্জনৰ দেশসমূহৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ আছে৷ সেইদৰে, পুনৰ লকডাউনৰ সম্ভাৱনাও নুই কৰিব পৰা অৱস্থাত নাই৷ এনে পৰিস্থিতিত ২০২১ চনত সম্ভাব্য দুর্ভিক্ষৰ মোকাবিলা কৰিবলৈ প্রয়োজন হোৱা ধনৰো নাটনি হ’ব৷ অর্থাৎ ২০২০ চনৰ দুর্যোগৰ সন্মুখীন হ’বলৈ ধনৰ অভাৱ ঘটা নাছিল যদিও ২০২১ চনত পুঁজিৰ নাটনিয়ে সমস্যা জটিল কৰি তুলিব৷