নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত নীতিশৰ কেবিনেটত অপৰাধীৰ ভিৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বিহাৰত নৱগঠিত নীতিশ কুমাৰ মন্ত্রীসভাত ৮গৰাকীকৈ নেতাৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ৷ নীতিশ কুমাৰ কেবিনেটত নতুন শিক্ষামন্ত্রী মেৱালাল চৌধাৰীৰ বিৰুদ্ধে আছে দুর্নীতিৰ অভিযোগ৷ বিহাৰ কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য হৈ থকা সময়তেই চৌধাৰীৰ বিৰুদ্ধে ভয়ংকৰ কেলেংকাৰিৰ অভিযোগ উত্থাপন হৈছিল৷

আনকি নেতাগৰাকীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল হোৱাৰ উপৰি জে ডি(ইউ)ৰ পৰা তেওঁ নিলম্বিতও হ’বলগীয়া হৈছিল৷ অকল চৌধাৰীয়েই নহয়, নীতিশ কুমাৰ মন্ত্রীসভাত গুৰুতৰ অপৰাধ গোচৰত জড়িত অন্য সাতগৰাকী মন্ত্রীও আছে৷ শেহতীয়াকৈ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ) আৰু ইলেকচন ৱাটচে চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷

নীতিশ কুমাৰ কেবিনেটৰ ১৪গৰাকী মন্ত্রীয়ে নির্বাচনৰ পূর্বে মনোনয়ন দাখিলৰ সময়ত সংলগ্ণ কৰা শপতনামাৰ বিশ্লেষণ চলাই এই তথ্য সদৰী কৰিছে এ ডি আৰ আৰু ইলিকচন ৱাটচে৷ লক্ষণীয়ভাৱে নীতিশ কুমাৰ মন্ত্রীসভাৰ ৮গৰাকীৰ আছে অপৰাধৰ গোচৰ৷ ইয়াৰে ৬গৰাকীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ৷ এই অপৰাধৰ গোচৰত জড়িত থকা চাৰিগৰাকী মন্ত্রী হৈছে বিজেপিৰ৷

ইফালে, গুৰুতৰ অপৰাধৰ গোচৰত জড়িত দুগৰাকী মন্ত্রী জে ডি(ইউ)ৰ আৰু এগৰাকীকৈ আছে এইচ এ এম আৰু ভি আই পিৰ৷ লক্ষণীয়ভাৱে শিক্ষামন্ত্রী মেৱালাল চৌধাৰীৰ কেবিনেটত অন্তর্ভুক্তিয়ে ইতিমধ্যে বিহাৰৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ২০১৭ চনত চৌধাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল হৈছিল অভিযোগ৷ আনকি তেতিয়া মুখ্যমন্ত্রী নীতিশ কুমাৰে চৌধাৰীক লগ কৰিবলৈও অস্বীকাৰ কৰিছিল৷

You might also like