নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজিৎ দৈমাৰী পর্বতত কণী বিচৰা, পাহাৰত ধান খেতি কৰা মানুহ… কোনে ক’লে?

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ‘বিশ্বজিৎ দৈমাৰীয়ে যি সপোন লৈ বিজেপিলৈ গৈছে সেই সপোন পূৰণ নহয়, বিশ্বজিৎ পর্বতত কাছ কণী বিচৰা মানুহ, পাহাৰত ধান খেতি কৰা মানুহ৷’ –এই
মন্তব্য হাগ্রামা মহিলাৰীৰ৷ ৩১নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী লৌমশ্রাও দৈমাৰীৰ হৈ প্রচাৰ চলাবলৈ আহি খৈৰাবাৰীৰ এখন নির্বাচনী সভাত বক্তব্যৰ আৰম্ভণিতে বিশ্বজিৎ দৈমাৰী আৰু হিমন্ত বিশ্ব শর্মাক আক্রমণৰ লক্ষ্য কৰি লৈ মহিলাৰীয়ে কয় যে তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছ চৰকাৰৰ প্রথমটো কার্যকালত হিমন্তই কোনোমতেহে ৰাজ্যিক মন্ত্রী পাইছিল, পিছত মইহে হিমন্তক কেবিনেট মন্ত্রী বনাইছিলোঁ আৰু ইয়াৰ বাবে গগৈ ছাৰক তেওঁৰ বায়’ডাটা দিবলৈ মোক খাটনি ধৰিছিল৷

ৰসিকতাৰে তেওঁ আৰু কয়– ‘মই বিজেপিৰ অক্সিজেন লোৱা নাই, বিজেপিহে মোৰ পৰা অক্সিজেন লৈ জীয়াই আছে৷’ খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিধায়ক মহেশ্বৰ বডোৰ সভাপতিত্বত অনুষ্ঠিত জনাকীর্ণ নির্বাচনী সভাখনত বিপিএফৰ সম্পাদিকা অঞ্জলি দৈমাৰীয়ে প্রমোদ বড়ো আৰু হিমন্ত বিশ্ব শর্মাক চোকা ভাষাৰে সমালোচনা কৰি কয় যে হিমন্ত বিশ্বই হাগ্রামা মহিলাৰীক ক্ষমতা দিয়া নাই, ৰাইজেহে ক্ষমতা দিছে মহিলাৰীক৷

হিমন্তক বিশ্বাসঘাতক আখ্যা দি দৈমাৰীয়ে কয় যে ১৫ বছৰে বিপিএফৰ সৈতে মিত্রতা কৰি চৰকাৰ চলাই আহি এতিয়াহে হাগ্রামা মহিলাৰীক দুর্নীতিগ্রস্ত আৰু বিপিএফে একোৱেই নকৰিলে বুলি কোৱাটো হাস্যকৰ আৰু মিথ্যাচাৰৰ বাদে আন একো নহয়৷ একমাত্র নির্বাচনী বৈতৰণী পাৰ কৰাৰ বাবেই হিমন্ত বিশ্বই মনেসজা কথাৰে বিপিএফক মিছা অপবাদ দিয়া বুলি মন্তব্য কৰি তেওঁ ভোটাৰ ৰাইজক বিটিচিৰ উন্নয়নৰ বাবে বিপিএফক ভোট দিবলৈ আহ্বান জনায়৷

 বিটিচিৰ প্রাক্তন কার্যবাহী সদস্য জগদীশ সৰকাৰে কয় যে আমদানিকৃত কিছুমান বিৰোধী নেতাই বাঙালী, বডো, অসমীয়াৰ মাজত সংঘাত লগাই বিটিচিৰ শান্তি–সম্প্রীতি বিনষ্ট কৰি ক্ষমতা দখলৰ বাবে ষডযন্ত্র ৰচনা কৰিছে৷ খৈৰাবাৰী ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত সভাখনত মন্ত্রী ৰিহণ দৈমাৰী, বিধায়িকা কমলী বসুমতাৰী, মহিলা বিপিএফৰ কেন্দ্রীয় সমিতিৰ সভনেত্রী সুপ্রিয়া ব্রহ্ম, বিপিএফৰ সাংগঠনিক সম্পাদক ৰফিক আহমেদ, বডো চিনেমা পৰিচালক জোংদাও বডোচাকে ধৰি ভালেসংখ্যক দলীয় নেতা–কর্মী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like