নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ভাৰতত ক’ভিড–১৯ মহামাৰীৰ সংহাৰ অব্যাহত আছে৷ শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড–১৯ৰ সংক্রমণৰ তৃতীয়টো জোৱাৰ আৰম্ভ হোৱাৰ লগে লগে পুনৰ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগাবলৈ বিভিন্ন ৰাজ্যই কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলগীয়া হৈছে৷ কালিৰ দিনলৈ দেশখনত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যাই স্পর্শ কৰিছে ৯১ লাখ৷
এতিয়ালৈকে দেশখনত ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুৱাইছে ১,৩৩,২২৭গৰাকী লোকে৷ লক্ষণীয়ভাৱে কেইবাখনো ৰাজ্যত ক’ভিড সংক্রমণে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ লগে লগে এই ৰাজ্যসমূহে প্রধান মহানগৰবোৰত প্রতিৰোধী ব্যৱস্থা কঠোৰ কৰি তুলিছে৷ দিল্লী, নইদা আদি চহৰত বিবাহ অনুষ্ঠানৰ অতিথিৰ সংখ্যা কিমান হ’ব লাগিব, তাক লৈ নতুন কেপ আৰোপ কৰা হৈছে৷
সেইদৰে নৈশ সান্ধ্য আইন ১৪৪ ধাৰা আদি প্রয়োগ কৰা হৈছে গুজৰাট, মধ্যপ্রদেশ আৰু ৰাজস্থানৰ বিভিন্ন চহৰত৷ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে অৱশ্যে দেশৰ ৰাষ্ট্রীয় ৰাজধানী মহানগৰখনত সম্পূর্ণ লকডাউন প্রয়োগ কৰা নহ’ব বুলি ঘোষণা কৰিছে৷
গুজৰাটৰ বিভিন্ন স্থানত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈকে নৈশ সান্ধ্য আইন প্রয়োগ কৰা হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগাবলৈ মধ্য প্রদেশ চৰকাৰে ভূপালকে ধৰি ৫খন মহানগৰত জাৰি কৰিছে নৈশ সান্ধ্য আইন৷ নইদাত বিবাহ অনুষ্ঠানত অতিথিৰ সংখ্যা ১০০তকৈ বেছি হ’ব নোৱাৰিব বুলি আইন প্রয়োগ কৰা হৈছে৷ সেইদৰে ৰাজস্থানে ২০ ডিচেম্বৰ পর্যন্ত বিভিন্ন চহৰত চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰিছে ক’ভিড সংক্রমণত প্রতিৰোধ লগাবলৈ৷