নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাত স্থিতি সলনিৰ ইংগিত শিৱসেনাৰ

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ক সমর্থন জনোৱা শিৱসেনাই ৰাজ্যসভাত স্থিতি সলনি কৰিব পাৰে ৷ নতুন মিত্রজোঁট ‘মহাৰাষ্ট্র বিকাশ আঘাড়ী’ৰ সহযোগী দল কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে কেবৰ সমর্থকক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ পিছতেই শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ৰাজ্যসভাত এন ডি এ চৰকাৰক কেবক লৈ সমর্থন নকৰাৰ ইংগিত দিছে ৷

এনচিপি আৰু কংগ্রেছৰ সৈতে মিত্রজোঁট গঠন কৰি মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱা শিৱসেনাৰ মুৰব্বী থাকৰেই কয়– আমি বিষয়টো পৰিষ্কাৰ নোহোৱালৈকে ৰাজ্যসভাত কেবক সমর্থন নিদিওঁ

মুম্বাইত সাংবাদিকৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী থাকৰেই পুনৰ কয় যে ৰাজ্যসভাত বিধেয়কখন উত্থাপনৰ পূর্বে চৰকাৰে বিধেয়কখন সলনি কৰা উচিত ৷ লোকসভাৰ দৰে আমি ৰাজ্যসভাত ভোট নিদিবও পাৰোঁ ৷ পৰিস্থিতি সলনি হৈছে ৷

উল্লেখ্য যে মিত্রজোঁট চৰকাৰ বর্তাই ৰাখিবলৈ হ’লে শিৱসেনাই সদনৰ মজিয়াত বিধেয়কৰ সমর্থনৰ ক্ষেত্রত এনচিপি আৰু কংগ্রেছৰ সৈতে সুৰ মিলাই চলিব লাগিবই অন্যথা চৰকাৰখন সংকটত পৰিব পাৰে ৷

You might also like