নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰেই নিশ্চিত কৰিলে কাৰিকৰী মন্দাৰ গ্রাসত দেশ

৭.৫ শতাংশলৈ নিম্নগামী জিডিপি

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ ‘কাৰিকৰী মন্দা’ৰ গ্রাসত দেশ৷ ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ অর্থনীতিবিদে দুসপ্তাহ পূর্বে এই তথ্য প্রকাশ কৰাৰ পাছত আজি চৰকাৰেও নিশ্চিত কৰিলে দেশ কাৰিকৰী মন্দাৰ গ্রাসত৷ ৰাষ্ট্রীয় পৰিসাংখ্যিক কার্যালয়ে (এন এছ অ’) আজি প্রকাশিত তথ্য মতে, চলিত বিত্তীয় বর্ষৰ দ্বিতীয় ত্রৈমাসিক জুলাই–ছেপ্ঢেম্বৰত মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) ৭.৫ শতাংশলৈ হ্রাস পোৱা বুলি উল্লেখ কৰিছে৷ এই তথ্যই দেশৰ অর্থনীতি নিম্নগামী হৈ থকাটো স্পষ্টভাৱে প্রমাণিত কৰিছে৷ চলিত বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিক এপ্রিল–জুনত জি ডি পি ২৫.৯ শতাংশ হ্রাস পোৱাৰ পাছত দ্বিতীয়টো ত্রৈমাসিকতো ৭.৫ শতাংশ হ্রাস পাইছে৷ বিত্তীয় বর্ষৰ দুটাকৈ ত্রৈমাসিকত অর্থনীতি নিম্নগামী তথা জি ডি পি নিম্নগামী হোৱাটোৱে কাৰিকৰী মন্দাক বুজায়৷ ১৯৯৬ চনৰ পাছত প্রথমবাৰৰ বাবে দেশৰ অর্থনীতি কাৰিকৰী মন্দাত পৰিছে৷ এন এছ অ’ৰ তথ্যত প্রকাশ পোৱা মতে, ২০১৯–২০ বর্ষত জি ডি পিৰ মূল্য ৪৯.২১ লাখ কোটিৰ বিপৰীতে চলিত বিত্তীয় বর্ষ ২০২০–২১ৰ দ্বিতীয় ত্রৈমাসিকত জি ডি পিৰ মূল্য ৪৭.২২ লাখ কোটি৷ অর্থাৎ বিগত বর্ষৰ ৫.৯ শতাংশ বিকাশৰ তুলনাত চলিত বর্ষত ৪ শতাংশতেই সীমাবদ্ধ আছে৷ উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ সংক্রমণৰ বাবে মার্চ মাহৰ পৰা দেশজুৰি লকডাউন আৰম্ভ হোৱাৰ ফলত দেশৰ অর্থনীতিত বিৰূপ প্রভাৱ পৰে৷ অর্থনৈতিক কাম–কাজৰ লগতে সকলো কার্যকলাপ বন্ধ হৈ পৰাৰ পৰিপ্রেক্ষিতত জি ডি পি দ্রুতগতিত হ্রাস পায়৷ লকডাউন আঁতৰাই আনলকৰ জৰিয়তে অর্থনৈতিক কার্যকলাপ পুনৰ মুকলি কৰা হৈছে যদিও বিধ্বস্ত অর্থনীতি পুনৰুজ্জীৱিত হৈ উঠা নাই৷ এই প্রতিচ্ছবি এপ্রিল–জুন ত্রৈমাসিকত প্রতিফলিত হোৱাৰ সমান্তৰালকৈ জুলাই–ছেপ্ঢেম্বৰ ত্রৈমাসিকতো স্পষ্টকৈ প্রতিফলিত হৈছে৷ মন কৰিবলগীয়া যে এন এছ অ’ৰ এই প্রতিবেদনক লৈ মুখ্য অর্থনৈতিক উপদেষ্টা কে সুব্রমণিয়নে প্রতিক্রিয়া ব্যক্ত কৰি কয়– আমাৰ অর্থনীতি ভাল হৈ আছে৷ মহামাৰীয়ে আঘাত কৰাৰ পূর্বে আমাৰ অর্থনীতি ভাল হৈ আছিল৷ মার্চত মহামাৰীয়ে আঘাত কৰিলে, সেই কাৰণেই প্রথম ত্রৈমাসিকত জি ডি পি ২৩.৯ শতাংশ হ্রাস পাইছিল৷

You might also like