অৱহেলিত ভাৰতৰত্ন গোপীনাথ বৰদলৈ সমাধিক্ষেত্র
গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী–পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ হেমাহি
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীৰ অৱহেলাৰ বাবে স্তব্ধ হৈ পৰিছে উন্নয়ন৷ ৰাজ্য চৰকাৰে উন্নয়নৰ বাবে ধন আবণ্টন দিয়াৰ পিছতো বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰৰ গোপন বুজাবুজিৰ বাবে সময়ত সম্পূর্ণ হৈ নুঠে উন্নয়নমূলক কাম–কাজ৷ ৰাজ্যৰ অন্যান্য প্রান্ততো দূৰৰে কথা, খোদ গুৱাহাটী মহানগৰীতে বিষয়া–কর্মচাৰী আৰু বিভাগীয় কর্তৃপক্ষৰ হেমাহিৰ বাবে অসম্পূর্ণ হৈ ৰৈছে বহু আঁচনি৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী আৰু পৌৰ নিগম কর্তৃপক্ষৰ হেমাহিৰ বাবে অৱহেলিত হৈ ৰৈছে নৱগ্রহ শ্মশানৰ কাষতে থকা ভাৰতৰত্ন গোপীনাথ বৰদলৈ সমাধিক্ষেত্র৷ ৰাজ্যৰ প্রথমগৰাকী মুখ্যমন্ত্রী ভাৰতৰত্ন গোপীনাথ বৰদলৈ সমাধিক্ষেত্র তদানীন্তন কংগ্রেছ চৰকাৰে গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ দ্বাৰা ২০১২ চনত পুনৰ নির্মাণ কৰিছিল৷ আটকধুনীয়াকৈ নির্মাণ কৰা সমাধিক্ষেত্রখন উক্ত বর্ষৰ ৮ জুনত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৰাইজৰ বাবে মুকলি কৰি দিয়ে৷ কিন্তু গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী আৰু পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া গোপীনাথ বৰদলৈ সমাধিক্ষেত্রখন জহি–খহি যোৱা পৰিলক্ষিত হৈছে৷ সমাধিক্ষেত্রখনৰ লাইট, টাইল্ছকে ধৰি বিভিন্ন সামগ্রী ভাগি পৰি ৰৈছে৷ তদুপৰি সমাধিক্ষেত্রখন আবর্জনাৰে ভৰি পৰিছে৷ অৱশ্যে বিগত কেইদিনমান ধৰি সমাধিক্ষেত্রখনত গজি উঠা ঘাঁহ–বন চাফাই কৰা পৰিলক্ষিত হৈছে৷ ইফালে, গোপীনাথ বৰদলৈ সমাধিক্ষেত্রৰ সৌন্দর্যবর্ধন আৰু উন্নয়নৰ বাবে ২০১৭ চনত ২৭ লাখ টকা আবণ্টন দিছিল৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই অজিত কুমাৰ বৰা নামৰ এজন লোকক এই ঠিকা প্রদান কৰিছিল৷ ২০১৭ চনৰ ফেব্রুৱাৰী মাহত আবণ্টিত এই ঠিকাৰ কাম ২০২০ বর্ষৰ নৱেম্বৰ মাহলৈকে সম্পূর্ণ নহ’ল৷ গোপীনাথ বৰদলৈ সমাধিক্ষেত্রত এটা প্রতিমূর্তিও স্থাপন কৰাৰ কথা আছিল৷ কিন্তু আজিলৈ এই প্রতিমূর্তি সমাধিক্ষেত্রত স্থাপন কৰা নহ’ল৷ গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰৰ গোপন বুজাবুজিৰ বাবে গোপীনাথ বৰদলৈ সমাধিক্ষেত্রৰ উন্নয়নৰ বাবে আবণ্টিত ২৭ লাখ টকাৰ অপব্যৱহাৰ হোৱা বুলি ব্যাপক চর্চা চলিছে৷ ৰাজ্য চৰকাৰে গোপীনাথ বৰদলৈ সমাধিক্ষেত্রখনৰ উন্নয়নৰ বাবে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷