ভোটাৰ তালিকাৰ পৰা নাম কর্তনক লৈ কলগাছিয়াত প্রতিবাদী সভা
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ নিখিল ভাৰত কৃষক সভা কলগাছিয়া আঞ্চলিকৰ আহ্বানত কলগাছিয়া পাট বজাৰত নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকৰ সভাপতি আয়ুব আলীৰ সভাপতিত্বত এখন প্রতিবাদী সভা অলপতে অনুষ্ঠিত কৰা হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক ইকবাল হুছেইনে৷ কলগাছিয়া ৰাজহ চক্রৰ চক্র বিষয়াৰ কার্যালয়ৰ জৰিয়তে প্রায় ৯ হাজাৰ প্রাপ্তবয়স্ক নাগৰিকে ভোটাৰ তালিকাত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ আবেদন কৰিছিল৷ সেইমর্মে সংশ্লিষ্ট আবেদনকাৰীসকলৰ পৰা শুনানিও গ্রহণ কৰা হৈছিল যদিও তেওঁলোকৰ নাম ২০২১ৰ খচৰা ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা নাই৷
আনহাতে জনিয়া সমষ্টিত প্রায় ৯০০ ভোটাৰৰ নাম খচৰাত অন্যায়ভাৱে কর্তন কৰা হৈছে বুলি বিভিন্ন দল–সংগঠনে অভিযোগ উত্থাপন কৰিছে৷ ইপিনে কিছু নতুন ভোটাৰৰ নাম তালিকাত অন্তর্ভুক্ত হৈছে যদিও তেওঁলোকৰ আবেদন–পত্রত বি এল অ’, এ আৰ অ’ৰ চহী নথকা সত্ত্বেও জিলা নির্বাচনী কার্যালয়ত ধনৰ লেনদেনৰ জৰিয়তে এই কার্য সম্পন্ন হৈছে বুলি অভিযোগ উঠিছে৷ এই অন্যায়ৰ বিৰুদ্ধে কৃষক সভাৰ কলগাছিয়া আঞ্চলিক সমিতিয়ে কলগাছিয়াত প্রতিবাদী জনসভা অনুষ্ঠিত কৰাৰ উপৰি ঘটনাৰ ন্যায্যতা প্রদান নোহোৱালৈকে আন্দোলন–সংগ্রাম চলাই যোৱাৰ হুংকাৰ দিয়ে৷
বৰপেটা নির্বাচনী কার্যালয়ে সমস্যা সমাধানৰ প্রতিশ্রুতি প্রদান নকৰিলে এই প্রতিবাদী সভাত প্রস্তাৱ গ্রহণ কৰা অনুসৰি ৯ ডিচেম্বৰত কলগাছিয়া ৰাজহ চক্রৰ চক্র বিষয়াৰ কার্যালয় ঘেৰাও কার্যসূচী লোৱাৰ হুংকাৰ দিছে৷
লগতে কেন্দ্রীয় চৰকাৰৰ কৃষকবিৰোধী আইনৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত চলি থকা আন্দোলনৰ পূর্ণ সমর্থন জনায়৷ নিখিল ভাৰত কৃষক সভা ৰাজ্যিক সদস্য শ্বেখ আমজাদ হুছেইন, বৰপেটা জিলা সম্পাদক আজিজুৰ ৰহমান, কলগাছিয়া আঞ্চলিক সমিতিৰ সম্পাদক চান মামুদ আহমেদে ভাষণ দিয়ে৷