ৰূপান্তৰ–উন্নয়নৰ গৱেষণা সহায়কৰ পৰীক্ষাৰ ‘এনছাৰ কী’ত চাৰিটা উত্তৰ ভুল
পুনৰ মেধাৱী প্রার্থীক লৈ লোকসেৱা আয়োগৰ ল’ৰা–ধেমালি
নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ভুল ‘এনছাৰ কী’ৰ বাবে ২০১৮ বর্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত চৰম বেমেজালি সংঘটিত হোৱাৰ পিছতো শিক্ষা লোৱা নাই অসম লোকসেৱা আয়োগে৷ অসামৰিক সেৱাৰ পৰীক্ষাত নূ্যনতম স্বচ্ছতা দেখুৱাব নোৱাৰা আয়োগে পুনৰ মেধাৱী প্রার্থীৰ ভৱিষ্যতক লৈ ল’ৰা–ধেমালিৰ আশ্রয় লৈছে৷ এ পি এছ চিয়ে শেহতীয়াকৈ অনুষ্ঠিত কৰা ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ পৰীক্ষাৰ ‘এনছাৰ কী’ত চাৰিটাকৈ প্রশ্ণৰ বিপৰীতে ভুল উত্তৰ সন্নিৱিষ্ট কৰিছে৷ যাৰ বাবে বহু প্রার্থীৰ ভৱিষ্যৎ এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগে যোৱা ২৭ নৱেম্বৰত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ ৩৯টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ বিজ্ঞাপন নং ৭/২০১৯যোগে প্রকাশ কৰা বিজ্ঞাপন অনুসৰি নিযুক্তি দিবলগীয়া পদসমূহ আছিল গৱেষণা সহায়কৰ৷ সেইমর্মে ৰাজ্যৰ হাজাৰ হাজাৰ যোগ্য প্রার্থীয়ে এই পদকেইটাৰ বিপৰীতে নির্দিষ্ট মাচুল দি আবেদন কৰে৷ যোৱা ২৯ নৱেম্বৰত অনুষ্ঠিত হৈ যায় লিখিত পৰীক্ষা৷ কিন্তু মঙলবাৰে ‘এনছাৰ কী’ প্রকাশৰ লগে লগে প্রার্থীসকলৰ মাজত হাহাকাৰ লাগে৷ কিয়নো এ পি এছ চিয়ে প্রস্তুত কৰা এনছাৰ কীত চাৰিটা প্রশ্ণৰ উত্তৰ ভুলকৈ সন্নিৱিষ্ট কৰা হৈছে৷ যাৰ বাবে পৰীক্ষাত শুদ্ধ উত্তৰ লিখা প্রার্থীসকল বঞ্চিত হোৱাৰ বিপৰীতে ভুলকৈ উত্তৰ লিখি একাংশ প্রার্থী উত্তীর্ণ হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে৷ মুঠ ২০০ নম্বৰৰ পৰীক্ষাৰ এটা প্রশ্ণ আছিল সতী সাধনী কোনটো ৰাজবংশৰ শেষৰ গৰাকী ৰাণী আছিল৷ শুদ্ধ উত্তৰ হ’ব লাগে চুতীয়া ৰাজবংশৰ৷ কিন্তু এ পি এছ চিৰ এনছাৰ কীত সতী সাধনী ম্লেছ ৰাজবংশৰ ৰাণী বুলিহে উল্লেখ আছে৷ আন এটা প্রশ্ণ হ’ল– দেশত মধ্যাহ্ণ ভোজন আঁচনি কেতিয়াৰ পৰা আৰম্ভ হৈছিল৷ শুদ্ধ উত্তৰ হ’ব লাগে ১৯৯৫৷ কিন্তু এ পি এছ চিৰ মতে ১৯৯৬ চনৰ পৰাহে মধ্যাহ্ণ ভোজনৰ আঁচনি আৰম্ভ হৈছিল৷ একেদৰে ‘ভাৰত চৰকাৰে কোন সময়ছোৱাত ‘পৰিকল্পনা বন্ধ’ ৰাখিছিল’– প্রশ্ণটোৰ উত্তৰ হ’ব লাগে ১৯৬৬ৰ পৰা ১৯৬৯৷ পাকিস্তান যুদ্ধৰ বাবে সেই সময়ত পৰিকল্পনা আয়োগ বন্ধ আছিল৷ কিন্তু এই উত্তৰটোৰ কোনো উল্লেখেই নাই৷ ইয়াৰ বিপৰীতে এ পি এছ চিৰ ‘এনছাৰ কী’ অনুসৰি উক্ত প্রশ্ণৰ উত্তৰ হ’ল ১৯৬২–৬৩৷ তদুপৰি ‘কোন পৰিকল্পনাৰ সময়ত সেউজ বিপ্লৱৰ শ্লোগানেৰে দেশত কৃষি বিপ্লৱৰ পোষকতা কৰা হৈছিল’ প্রশ্ণটোৰ শুদ্ধ উত্তৰ হ’ব লাগে চতুর্থ পৰিকল্পনা৷ কিন্তু এ পি এছ চিৰ ‘এনছাৰ কী’ মতে এই প্রশ্ণৰ উত্তৰ হ’ল তৃতীয় পৰিকল্পনা৷ এইদৰে ভুল ‘এনছাৰ কী’ৰ ফলত বহু যোগ্য প্রার্থী বঞ্চিত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ একে সময়তে নিগেটিভ মার্কিঙৰ বাবে শুদ্ধ উত্তৰ দিও বহুসংখ্যক প্রার্থী বঞ্চিত হোৱাৰ আশংকাত ভুগিছে৷ ইয়াৰ পূর্বেও ভুল ‘এনছাৰ কী’ৰ বাবে ২০১৮ চনৰ অসামৰিক আৰু সংলগ্ণ সেৱাৰ পৰীক্ষাত ৯৮গৰাকী প্রার্থীয়ে ভুল উত্তৰ লিখিও উত্তীর্ণ হৈছিল৷ এই ঘটনাৰ পৰা সামান্যও শিক্ষা নল’লে অসম লোকসেৱা আয়োগে৷ সামান্যতম দায়িত্ববোধৰ অভাৱ হোৱা বাবেই একেই ভুলৰ পুনৰাবৃত্তি কৰি এ পি এছ চিয়ে এইবাৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ গৱেষণা সহায়ক পদৰ প্রশ্ণকাকতৰ বিপৰীতে প্রকাশ কৰিলে ভুল ‘এনছাৰ কী’৷ কিন্তু এতিয়াও অসম লোকসেৱা আয়োগে ভুলৰ শুধৰণি কৰাৰ সদিচ্ছা দেখুওৱা নাই৷