নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত দুটা নতুন দল অন্তর্ভুক্ত কৰিবলৈ তৎপৰ ব’ৰ্ড

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ আগন্তুক বর্ষৰ পৰা আই পি এলত দুটা নতুন দল অন্তর্ভুক্তিৰ বিষয়টো বিস্তৃতভাৱে আলোচনা কৰিবলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অহা ২৪ ডিচেম্বৰত ইয়াৰ বার্ষিক সাধাৰণ সভা আহ্বান কৰিছে৷

ব’ৰ্ডৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া অনুসৰি ২০২১ বর্ষৰ আই পি এলত দুটা নতুন দল অন্তর্ভুক্ত হোৱাটো একপ্রকাৰ নিশ্চিত যদিও ব’র্ডে বিষয়টো বার্ষিক সাধাৰণ সভাত উত্থাপন কৰি ইয়াক আনুষ্ঠানিক ৰূপ দিব বিচাৰিছে৷ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহে আই পি এলৰ ফাইনেলৰ সময়ছোৱাত বিষয়টো অনানুষ্ঠানিকভাৱে আলোচনা কৰিছিল৷

উল্লেখ্য যে ব’ৰ্ডৰ বার্ষিক সাধাৰণ সভাৰ মুখ্য এজেণ্ডাসমূহ ৰাজ্যিক ক্রিকেট সন্থাসমূহলৈ প্রেৰণ কৰা হৈছে৷ এই এজেণ্ডাসমূহৰ তালিকাত ব’র্ডে আই পি এলত দুটা নতুন দলৰ অন্তর্ভুক্তিৰ অনুমোদনৰ বিষয়টো শীর্ষত স্থান দিছে৷ ৰাজ্যিক ক্রিকেট সন্থাসমূহে ২৪ ডিচেম্বৰৰ বহুপ্রত্যাশিত বার্ষিক সাধাৰণ সভাত এই বিষয়ত অনুমোদন আগবঢ়ালে অহা বর্ষৰ পৰা আই পি এলত ১০টা দলৰ অংশগ্রহণ নিশ্চিত হ’ব৷

জানিব পৰা অনুসৰি আদানি গ্রুপ আৰু সঞ্জীৱ গোৱেংকাৰ আৰ পি জি গ্রুপে আই পি এলৰ দুটা নতুন দল ক্রয় কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে৷ ইফালে, আই চি চি আৰু এছিয়ান ক্রিকেট কাউন্সিলত বি চি চি আইৰ প্রতিনিধি বাছনি আৰু ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ তিনিগৰাকী সদস্য বাছনিৰ বিষয়টোও ব’ৰ্ডৰ বৈঠকত স্থান পাব৷

You might also like