নলবাৰীত তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ বিধায়কৰ
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ নলবাৰী বিধানসভা সমষ্টিৰ বডিগোগ বনভাগ উন্নয়ন খণ্ডৰ অধীনস্থ দতৰা আৰু দেহাৰকুছি গাঁও পঞ্চায়ত এলেকাত পৰহি তিনিখনকৈ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে নলবাৰীৰ বিধায়ক অশোক শর্মাই৷ আঁচনিকেইখন শুভাৰম্ভণি কৰি বিধায়কগৰাকীয়ে ভাষণত কয় যে কংগ্রেছে বিগত ১৫ বছৰে শাসনৰ গাদীত থাকি উন্নয়নৰ পিনে পিছদি কেৱল আধাৰশিলাৰ ৰাজনীতিতে আছিল৷ তেওঁলোকৰ শাসনকালত গ্রামাঞ্চলত কোনোধৰণৰ উন্নয়ন নহ’ল৷ এইদৰে মন্তব্য কৰি বিৰোধী কংগ্রেছৰ বিৰুদ্ধে নলবাৰী বিধায়ক অশোক শর্মা সৰৱ হৈ পৰে৷
লগতে বিধায়কগৰাকীয়ে বিগত ১৫ বছৰীয়া শাসনকালত গ্রামোন্নয়নৰ প্রতিখন আঁচনিতে মন্ত্রী –বিধায়কৰ পৰা নেতা–পালিনেতালৈকে আটায়ে মিলি লুণ্ঠন চলাইছিল বুলি মন্তব্য কৰে৷ বিধায়কগৰাকীয়ে প্রথমে দতৰা পঞ্চায়তখনৰ অন্তর্গত ঘগ্রাপাৰ–দামোদৰ ধাম পথ সংযোগী প্রভাত শর্মাৰ ঘৰৰ কাষৰ পৰা তৰুণ হালৈ ঘৰ সংয়োগী চতুর্দশ বিত্তীয় আয়োগৰ অধীনত ১০ লাখ টকা ব্যয় সাপেক্ষে চি চি ব্লক পথ, ইয়াৰ পিছত দেহাৰকুছি গাঁও পঞ্চায়তৰ অন্তর্গত বৰখালা বুঢ়াগোসাঁই থানৰ শিৱ মন্দিৰৰ যাত্রী নিৱাসৰ ঘৰটো বিধায়ক পুঁজিৰ অনুমোদিত ধনেৰে নির্মাণ কৰা আঁচনিখন শুভাৰম্ভণি কৰাৰ লগতে উক্ত স্থানতে অৱস্থিত শ্রীশ্রী লক্ষ্মী নাৰায়ণ যজ্ঞৰ ভোগঘৰ অসম দর্শন আঁচনিৰ অধীনত ১০ লাখ টকা ব্যয়ৰে নির্মাণ হ’বলগীয়া আঁচনিখনৰ শুভাৰম্ভণি কৰে৷ আঁচনি কেইখনৰ শুভাৰম্ভণি কৰি বিধায়ক অশোক শর্মাই বৰখালাস্থিত বুঢ়াগোসাঁই শিৱ মন্দিৰৰ বাকৰিত সমাজকর্মী তথা প্রাক্তন শিক্ষাবিদ হৰিদেৱ ভট্টাচার্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষণত কেন্দ্র–ৰাজ্য চৰকাৰে গ্রামাঞ্চলৰ উন্নয়নৰ হকে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰা বুলি আঙুলিয়াই দিয়ে৷ লগতে আঁচনিকেইখন নির্মাণত যাতে কোনো দুর্নীতি–নিয়ম সংঘটিত নহয়, তাৰ বাবে ৰাইজক তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনায়৷
বিধায়ক শর্মাই ভাষণত কয় যে বিজেপি চৰকাৰৰ বিগত দিনৰ উন্নয়নমূলক কাম–কাজৰ বাবে আগন্তুক ২০২১ চনত পুনৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ হ’ব বুলি দাবী কৰে৷ এই কার্যসূচীত বিধায়কগৰাকীক সংগ দিয়ে ঘগ্রাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,বডিগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা,বডিগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মনোজ ডেকা, প্রাক্তন সাধাৰণ সম্পাদক চন্দন ডেকা, দতৰা আৰু দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি মণিকা ডেকা, যোগেশ্বৰ শর্মা, কাউন্সিলাৰ ফণীধৰ লহকৰ আদিয়ে৷