নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমল ফাউণ্ডেচনলৈ সন্ত্ৰাসবাদক উচটোৱা NGOৰ ধনঃ প্ৰতিক্ৰিয়া মৃণাল শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংস্থাই আজমল ফাউণ্ডেচনে ফৰেইন কণ্ড্রিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি বিগত সময়ছোৱাত বিদেশী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে ৷ টুইটাৰযোগে সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি, আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত আই এইচ এইচ–ইনচানি ইয়াৰডিম ভাক্ফি, গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট, আল–ইমদাদ ফাউণ্ডেচন আৰু মুছলিম এইড নামৰ সংগঠনৰ পৰা পুঁজি লাভ কৰি আহিছে৷

এই সংগঠনসমূহে বিভিন্ন সময়ত কেইবাটাও সন্ত্রাসবাদী সংগঠনক ধন যোগান ধৰিছিল বুলিও প্রকাশ কৰা হৈছে৷ এই সম্পৰ্কে অসমত শেহতীয়াকৈ তুমুল চৰ্চা লভাৰ সময়তে বিধায়ক মৃণাল শইকীয়ায়ো আগবঢ়াইছে মন্তব্য। মৃণাল শইকীয়াই আজি সাংবাদিকৰ আগত কয় যে পূৰ্বৰে পৰা এই সম্পৰ্ক ৰক্ষা কৰি আহিছে আজমলে। মৃণাল শইকীযা কয়- ‘কিছুমান এনেকুৱা মুছলমান নেতা আছে যিসকলে অভাৰগ্ৰাউণ্ডত কাম কৰি থাকে।

তেওঁলোকৰ সন্ত্ৰাসবাদী সংগঠনৰ লগতে আই এছ আই আদিৰ লগত থাকে। বহুতে কৈ থকাৰ দৰে আজমলে হাস্পতাল, ন্যাস আদি সামাজিক যি কাম-কাজ কৰিছে তাত তেওঁৰ নিজৰ পকেটৰ পৰা ধন খৰচ নকৰে। এইবোৰ ধন সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহে তেওঁৰ নেটৱৰ্ক শক্তিশালী কৰিবলৈ। এনেকুৱা এগৰাকী মানুহকে আমাৰ অসমৰ মানুহে মুখ্যমন্ত্ৰী হোৱাত আপত্তি ক’ত বুলি প্ৰশ্ন কৰে। পাকিস্থানপন্থী বুদ্ধিজীৱী অজিত ভূঞাৰ দৰে মানুহে আজমল মুখ্যমন্ত্ৰী হ’লে আপত্তি ক’ত বুলি কয়। কিন্তু বেচৰকাৰী সংস্থাই এতিয়া তথ্যসহকাৰে আজমলৰ ফাণ্ডিং সম্পৰ্কে সকলো কথা উলিয়াই দিলে। গতিকে আমি কওঁ অসমৰ পৰিস্থিতি বেয়া হ’বলৈ গৈ আছে।’

You might also like