নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলৰ পৰা দেশবাসীক বিনামূল্যে ভেকচিন দিয়াৰ ঘোষণা পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ঘাতক ক’ভিড–১৯ৰ সংক্রমণৰ সংহাৰ অব্যাহত থকাৰ সময়তে চীনা ভেকচিনৰ উপৰত আস্থা ৰাখিছে পাকিস্তানে। ইতিমধ্যে দেশখনত ট্রায়েলও চলিছে চীনা ভেকচিনৰ (Corona Vaccine)। তাৰ মাজতে ডাঙৰ ঘোষণা কৰিলে পাক প্ৰধানমন্ত্ৰী ইমৰান খান চৰকাৰে।

সেই অনুসৰি দেশৰ নাগৰিকসকলক বিনামূল্যেই ক’ৰোনাৰ টিকা দিব পাক চৰকাৰে। আৰু সেই টিকা দিয়াৰ কাম আৰম্ভ হ’ব ২০২১ চনৰ এপ্রিল মাহৰ পৰা। বৃহস্পতিবাৰে এই খবৰ জনাইছে পাক চৰকাৰৰ বিষয়াই।

লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…

দেশখনৰ সংসদীয় স্বাস্থ্য সচিব নওচিন হামিদে টুইট কৰি জনাইছে, “অহা এপ্ৰিলমাহৰ পৰা দেশৰ জনসাধাৰণক বিনামূলীয়া ভেকচিন প্ৰদান কৰিব পাক চৰকাৰে। সুস্থভাবে চীনৰ ক’ৰোনা ভেকচিনৰ তৃতীয় পর্যায়ৰ ট্রায়েল চলি আছে। খুব শীঘ্ৰে সেয়া বজাৰলৈ আহিব। ইতিমধ্যে পাক মন্ত্রিসভাই ভেকচিন কিনাৰ বাবে ১৫০ মিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰিছে।”

You might also like