নির্বাচনৰ পূর্বে হিংসাত্মক ঘটনাৰ আশংকা সাংসদ শৰণীয়াৰ
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ নির্বাচনৰ পূর্বে বিটিচিত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা প্রকাশ কৰিছে সাংসদ তথা গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াই৷ গুৱাহাটীত এখন সংবাদ মেলত নৱ কুমাৰ শৰণীয়াই কয় যে যোৱানিশা তেওঁলোকৰ দলৰ প্রার্থী বিজুশংকৰ ৰাভাৰ গাড়ীত দুর্বৃত্তই গুলীচালনা কৰিছে৷ গেলাবিলত দলৰ মহিলা মর্চাৰ সভানেত্রী শ্রদ্ধাঞ্জলি কোঁৱৰৰ গাড়ীত শিলগুটি দলিয়াইছে৷ সেইদৰে গুৱাবাৰী শালৈ চুৱা আৰু খৈৰাবাৰীত গণ সুৰক্ষা পার্টীৰ কর্মীক ভাবুকি দিছে৷
আনহাতে, বাক্সা জিলাৰ বিভিন্ন স্থানত অস্ত্রধাৰী যুৱক ঘূৰাঘূৰি কৰা বুলি খবৰ পোৱা গৈছে৷ ‘আমি আগতেও কৈছিলোঁ যে নির্বাচনৰ পূর্বে বিটিচিত এনেধৰণৰ দুষ্কার্য সংঘটিত হ’ব পাৰে৷ গতিকে নির্বাচন আয়োগ আৰু গৃহ বিভাগে নির্বাচনৰ পূর্বে বিটিচিত পর্যাপ্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব লাগে৷ বিটিচিত যাতে সকলোৱে শান্তিপূর্ণভাৱে ভোটদান কৰিব পাৰে, তাৰ বাবে পর্যাপ্ত পৰিমাণে নিৰাপত্তা বাহিনী মোতায়েন কৰিব লাগে৷’
লগতে পঢ়কঃ ৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল
ইফালে, গণ সুৰক্ষা পার্টীৰ উত্থান, বাক্সাৰ ১০টা আৰু ওদালগুৰিৰ ৮টা সমষ্টিত গণ সুৰক্ষা পার্টীৰ প্রার্থীৰ বিজয় একপ্রকাৰ নিশ্চিত হোৱাত ইউ পি পি এল দল শংকিত হৈ পৰা বুলি উল্লেখ কৰে সাংসদ শৰণীয়াই৷ দলটোৰ উত্থানত শংকিত হৈ দলীয় কর্মীসকলক ভয় খুৱাবলৈ এনেধৰণৰ দুষ্কার্য সংঘটিত কৰা বুলি উল্লেখ কৰি সাংসদ শৰণীয়াই কয়– ‘আমাৰ দলৰ কর্মীক ভয় খুৱাবলৈ বিভিন্ন ধৰণে ভাবুকি দিয়া হৈছে ধমকি দিয়া হৈছে৷ এনেধৰণৰ কিছুমান ঘটনাত ইউ পি পি এল জড়িত আছে৷ গতিকে নির্বাচনৰ পূর্বে বিটিচিত পর্যাপ্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব লাগে৷’ আনহাতে, বিজেপি, বি পি এফ, ইউ পি পি এল দলে কথাৰ ফুলজাৰি মাৰি বিটিচি দখলৰ চেষ্টা চলাইছে বুলি উল্লেখ কৰে সাংসদ শৰণীয়াই৷