ভাৰতৰ টি-২০ শৃংখলা দখল, পাণ্ডিয়াৰ দৰ্শনীয় বেটিং
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ছিডনীত টি–২০ শৃংখলা দখল কৰিলে ভাৰতে। আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে ৬ উইকেটত জয় সাব্য়স্ত কৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। হাৰ্দিক পাণ্ডিয়াৰ এটা ছিক্সেৰে সমাপ্তি ঘোষণা কৰা মেচখনত শেষ অভাৰত প্ৰয়োজন আছিল ১৪ ৰানৰ।
টছত জয়ী হৈ ঘৰুৱা দল অষ্ট্রেলিয়াক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ভাৰতে। ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৯৪ ৰানৰ বৃহত স্কোৰ কৰে ঘৰুৱা দলটোৱে। টি নটৰাজনে ২টা উইকেট দখল কৰাৰ লগতে চাহাল আৰু শাৰ্দুল ঠাকুৰে ১টা উইকেট লাভ কৰে। অষ্ট্ৰেলিয়াৰ অধিনায়ক ৱাডে ৫৮ ৰানত ৰান আউট হয় অধিনায়ক কোহলিৰ হাতত।
দ্বিতীয় ইনিংছত বেট ধৰিব অহা ভাৰতৰ কে এল ৰাহুল ৩০(২২), ধাৱন ৫২(৩৬), কোহলি ৪০(২৪), ছেমছনে ১৫(১০) ৰান কৰে। ক্ৰিজত নট আউট হৈ ৰোৱা হাৰ্দিক পাণ্ডিয়াই ২২টা বলত ৪২ আৰু আয়াৰে ৫ বলত ১২ ৰান কৰি ১৯.৪ অভাৰত ৬ উইকেটত জয় সাব্যস্ত কৰে। খেলখনত মেন অৱ দ্য মেচ প্ৰদান কৰা হয় হাৰ্দিক পাণ্ডিয়াক।