‘থকাটো সংৰক্ষণ কৰোঁ, জনাটো শিকাই দিওঁ আহক’, মিচিং বাঃনৗ কৗবাঙৰ ব্যতিক্ৰমী কৰ্মশালা
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত আজি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ মৃৰং ঘৰত জোনাই অঞ্চলৰ প্ৰায় ৩০খন গাঁৱৰ বয়োজ্যেষ্ঠ, ডেকা যুৱকে কাঠ, বাঁহ, বেত, পাতেৰে মিতদা, দা, নগা-দা আৰু কটাৰী ইত্যাদিৰে কৰা হাতৰ কামবোৰ শিকোৱা আৰু দেখুওৱা এক ব্যতিক্ৰমী কৰ্মশালা অনুষ্ঠিত কৰা হয়৷
উক্ত অনুষ্ঠানৰ শুভাৰম্ভ কৰি মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকে কয়- ‘জন্মলগ্নৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে শিকাই যোৱা আৰু কৰি যোৱা বহুতো জানিবলগীয়া কাঠ, বাঁহ, বেত আৰু অন্যান্য গছৰ পাতেৰে তৈয়াৰ কৰা বহুতো হাতৰ কাম কৰিবলৈ আমি পাহৰি গৈছোঁ ৷ তাকে আমি পুনৰুদ্ধাৰ কৰি সংৰক্ষণাত্মক নীতিৰে জনা-বুজাসকলে হাড়ে-হিমজুৱে লাগি যুঁজি আজিৰ অন্যতম কাৰ্যসূচী হিচাপে থকাটো সংৰক্ষণ কৰোহঁক, জনাটো শিকাই দিওহঁক শীৰ্ষক আপ্তবাক্যৰে আগবাঢ়ি যাবলৈ মিচিং বাঃনৗ কৗবাং তৰফৰ পৰা সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাইছো।’
অনুষ্ঠানত উপস্থিত থাকে টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, সাধাৰণ সম্পাদক তিলক দলেৰ লগতে সমূহ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য-সদস্যা আৰু এম এম কেৰ সাধাৰণ সম্পাদক বিজু পেগু ৷ ঢলা , খৰাহি , চালনী , পাচি , টোম , খাচা , কুঁকি , কুকুৰাৰ সজা , টুপী , জাপি , খৰম , হোৰা , দাৰ পাক, ডিঙৰা , চেপা , খোকা , চেপেনা , পল খালৈ , চুঙা ইত্যাদি তৈয়াৰ কৰাৰ আৰ্হি দেখুওৱা কৰ্মশালাত জোনাই অঞ্চলৰ বিভিন্ন গাঁৱৰ প্ৰায় ১৫০গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ আহক পুনৰ শিকোঁ ,আহক পুনৰ সংৰক্ষণ কৰোঁ শ্লোগানেৰে আজিৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৷