দোতমাত বিজেপি প্রার্থীৰ হৈ প্রচাৰ চলালে বিধায়িকা আঙুৰলতাই
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ বিটিচি নির্বাচনলৈ মাজতে আৰু কেইটামান ঘণ্টা বাকী থকা অৱস্থাত ভাষণৰ পৰিৱর্তে নির্বাচনী প্রচাৰ গীতে–মাত–নৃত্যৰে আকর্ষণীয় হৈ পৰিছে৷ তাৰেই প্রতিফলন ঘটিল ২নং গুমা অজনজাতি সমষ্টিত৷ কালি গোসাঁইগাঁৱৰ ২নং গুমা সমষ্টিৰ অন্তর্গত দলগাঁও চিলাৰায় খেলপথাৰত আয়োজিত নির্বাচনী প্রচাৰ সভাত বটদ্রৱাৰ বিধায়িকা আঙুললতা ডেকাই নৃত্য–গীতৰ মাজেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলায়৷ প্রচাৰ সভাত বিধায়িকাগৰাকীয়ে বিপিএফৰ নেতৃত্বক বকাসুৰ আখ্যা দি কেন্দ্র তথা ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে প্রেৰণ কৰা বিটিচিৰ উন্নয়নৰ ধন ভিচিডিচিৰ দালালে চিলনীৰ দৰে থাপ মাৰি খাই শেষ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বটদ্রৱাৰ বিধায়িকাগৰাকীয়ে৷
বিটিচি পৰিষদীয় নির্বাচনত এইবাৰ বিজেপি’ৰ বিজয় নিশ্চিত বুলি দাবী কৰি বিধায়িকাগৰাকীয়ে কেন্দ্র, ৰাজ্যৰ লগতে বিটিচিত বিজেপি চৰকাৰ হ’লে উন্নয়নৰ ধন পোনপটীয়াকৈ বিটিচিবাসীয়ে লাভ কৰিবলৈ সক্ষম হ’ব বুলি প্রকাশ কৰে৷ বিগত সোতৰ বছৰে বি পি এফে কেৱল ৰাইজক শোষণ, বঞ্চনা কৰাৰ লগতে দাদাগিৰিৰে বিটিচি চলালে বুলি অভিযোগ কৰাৰ লগতে এইবাৰ জনসাধাৰণে বিজেপি দলক যিকোনো প্রকাৰে শাসনত অধিষ্ঠিত কৰাৰ হকে ৰাইজক মুক্তকণ্ঠে আহ্বান জনায়৷
কেন্দ্র, ৰাজ্যত ইতিমধ্যে বিজেপিৰ চৰকাৰ থকাৰ পিছত বিটিচিত যদি বিজেপি শাসনত অধিষ্ঠিত হয়, তেন্তে ৰাইজে কেন্দ্রৰ পৰা অহা ধনৰ এটকাও হৰলুকী নহয় বুলি তাৰ প্রতিশ্রুতি দিয়ে৷ সভাত পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংঘী, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শর্মা প্রমুখ্যে কেইবাগৰাকী নেতা–কর্মী উপস্থিত থাকি প্রার্থীজনৰ সমর্থনত ভাষণ প্রদান কৰে৷ ইপিনে ৮নং দোতমা জনজাতি সমষ্টিৰ অধীনৰ মিলন বজাৰত বিজেপি প্রার্থী বিভূতি বৰগয়াৰীৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ উক্ত নির্বাচনী প্রচাৰ সভাত প্রার্থী বিভূতি বৰগয়াৰীক ভোট দিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে প্রার্থীজনক আঁঠু কাঢ়ি সেৱা কৰি ৰাইজৰ পৰা আশীর্বাদ ল’বলৈও দিয়ে ৷