চীনত পেকেজিং ফুডৰ নমুনাত ক’ৰোনা ভাইৰাছ
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ঘটা চীনত এইবাৰ পেকেজিং ফুডত ধৰা পৰিল ক’ভিড–১৯ ভাইৰাছ৷ দেশখনৰ হার্বিন এপিডেমিক ৰেছপনছ মুখ্য কার্যালয়ৰ পৰা প্রকাশ কৰা মতে হেলংজিয়াং প্রদেশত পেকেজিং খাদ্যৰ নমুনাত ক’ভিড–১৯ প’জিটিভ ধৰা পৰাৰ লগে লগে ইয়াৰ সংস্পর্শলৈ অহা ৪৩জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে৷
আনহাতে, ১০০জনক ঘৰুৱা নিৰীক্ষণত ৰখা হৈছে৷ উল্লেখ্য যে প্রদেশখনলৈ বিভিন্ন দেশৰ পৰা আমদানি কৰি অনা পেকেজিং খাদ্যত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে৷ চীনত ধৰা পৰা ফ্রিজত ৰখা খাদ্যসমূহত ব্রাজিল আৰু ভিয়েটনামৰ পৰা আমদানি কৰা হৈছিল বুলি প্রদেশখনৰ কর্তৃপক্ষই প্রকাশ কৰিছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যম ঝিনহুৱা নিউজ এজেঞ্চীত এই তথ্য প্রকাশ পাইছে৷