নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ভিড ভেকচিনৰ অনুমোদন বিচাৰিলে ফাইজাৰে

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ  গ্রেট ব্রিটেইনে ফাইজাৰ–বায়’এনটেক ক’ভিড ভেকচিন দেশবাসীক প্রয়োগৰ বাবে অনুমোদন জনোৱাৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্রৰ ঔষধ প্রস্তুত কোম্পানী ফাইজাৰে ভাৰততো এই ভেকচিন প্রয়োগৰ বাবে অনুমোদন বিচাৰিছে৷

উল্লেখ্য যে ফাইজাৰ–বায়’এনটেক ক’ভিড–১৯ ভেকচিন পৰীক্ষণৰ বাবে পূর্বতে ভাৰত চৰকাৰে ফাইজাৰ কোম্পানীৰ সৈতে আলোচনা কৰা নাছিল৷ ফাইজাৰ কর্তৃপক্ষই ভাৰতৰ ড্রাগছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)ক জৰুৰীকালীনভাৱে তেওঁলোকৰ ক’ভিড–১৯ ভেকচিনটো ভাৰতত প্রয়োগ কৰাৰ বাবে অনুমোদন বিচাৰি পত্র প্রেৰণ কৰিছে৷

উল্লেখ্য যে গ্রেট ব্রিটেইনৰ লগতে বাহৰেইনতো ফাইজাৰৰ ভেকচিনটো প্রয়োগ কৰাৰ প্রস্তুতি চলিছে৷ ঘাতক ক’ভিড–১৯ প্রতিৰোধ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ কোম্পানী ফাইজাৰ আৰু জার্মান বায়’টেকন’লজী ‘বায়’এনটেক’ৰ সৈতে যুটীয়াভাৱে ক’ভিড–১৯ ভেকচিন বিকশিত কৰিছে৷ এই ভেকচিনটোৰ তৃতীয় পর্যায়ত মানৱ দেহত পৰীক্ষণ ৯৫ শতাংশ ফলপ্রসূ হৈছে৷

You might also like