নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ নামত সংঘাত সৃষ্টি কৰা উচিত নহয়ঃ বিশ্বজিৎ দৈমাৰী

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ সোমবাৰে অনুষ্ঠিত হোৱা বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যসভাৰ প্রাক্তন সাংসদ তথা ন–বিজেপি নেতা বিশ্বজিৎ দৈমাৰীয়ে৷ নেতাজনৰ গৃহসমষ্টি ২৯নং শুক্লাই ছেৰফাঙৰ ৫নং সুৱাগপুৰ প্রাথমিক বিদ্যালয়ৰ ৮নং ভোটকেন্দ্রত প্রথমে ভোটদান কৰে তেওঁ৷ ভোট প্রদানৰ পিছতে নিজ প্রতিক্রিয়া ব্যক্ত কৰি দৈমাৰীয়ে নির্বাচনৰ নামত সংঘাত সৃষ্টি কৰাটো উচিত নহয় বুলি উল্লেখ কৰি হৰা–জিকাটো ডাঙৰ কথা নহয়, কিন্তু মানুহৰ মাজত থকা সম্পর্কহে ডাঙৰ বুলি মন্তব্য কৰে৷

লগতে আঞ্চলিক দলত দীর্ঘদিন থাকি  নির্বাচনত এটা ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ পক্ষে ভোটদান কৰিব পৰাটো নতুন অভিজ্ঞতা বুলি উল্লেখ কৰি দৈমাৰীয়ে পুনৰ কয় যে বিজেপি দলৰ সৈতে জডিত হৈ তেওঁ বিভিন্ন পৰিকল্পনা হাতত লোৱাৰ লগতে দলটোৰ নীতি–আদর্শক লৈ ৰাইজৰ মাজত কাম কৰি যাব বুলি উল্লেখ কৰে৷ আনহাতে, প্রথম পর্যায়ৰ নির্বাচনত বিজেপি দলে ১৪খনতকৈ অধিক আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে বিটিচি দখল কৰিব বুলিও তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷

You might also like