নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ বিটিআৰত বিজেপি চৰকাৰ গঠন কৰিবলৈ মাত্র আনুষ্ঠানিকতাহে বাকী আছে৷ বিজেপিৰ পৰিৱর্তনৰ ছুনামিত ভাহি যাব বিপিএফ৷ দুর্নীতি–ভ্রষ্টাচাৰ নির্মূল কৰি বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সম–মর্যাদা সম–ধিকাৰেৰে ন্যায় প্রতিষ্ঠা কৰি শান্তি–ঐক্য আৰু ভাতৃত্ববোধেৰে জাকতজিলিকা বিটিআৰ প্রতিষ্ঠা কৰা হ’ব৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ চিৰাং জিলাৰ বিজেপিৰ প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি আজি মুখ্যমন্ত্রী সোণোৱালে বিজনী উলুবাৰী নৌদাৰী খেলপথাৰত আয়োজন কৰা বিশাল জনসভাত অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রী সোণোৱালে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত শূন্য সহনশীল নীতিৰে ৰাজ্যৰ শাসনভাৰ হাতত লোৱা বিজেপিয়ে বিটিচিৰ পৰাও দুর্নীতি নির্মূল কৰি বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সম–মর্যাদা, সম–ধিকাৰ আৰু ন্যায় প্রতিষ্ঠাৰ প্রতিশ্রুতি দিয়ে৷ তেওঁ বিটিচিত বিপিএফৰ ১৫ বছৰীয়া শাসনকালত সংঘটিত অন্যায়, প্রতাৰণা আৰু শোষণৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়৷ এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ বুলি দাবী কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে শান্তি, প্রগতি, সমন্বয় আৰু নিৰাপত্তা নিশ্চিত কৰাই বিজেপিৰ প্রধান লক্ষ্য৷ বিশাল জনসভাক সম্বোধি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে বিগত ১৫ বছৰে বিটিচিৰ শাসনত থকা বিপিএফৰ চৰকাৰে অঞ্চলটোৰ চাৰিখন জিলাৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্রদান কৰাত ব্যর্থ হোৱাৰ লগতে তেওঁলোকৰ উন্নয়নৰ বাবে নূ্যনতম পদক্ষেপো গ্রহণ নকৰিলে৷ সেইবাবে এই অঞ্চলৰ ৰাইজে ভয়–শংকাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল৷ বিটিচিত সুশাসন থকা হ’লে কেন্দ্র আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা প্রতিখন আঁচনিৰে সুফল এই অঞ্চলৰ ৰাইজে নিশ্চিতভাৱে লাভ কৰিবলৈ সুযোগ পালেহেঁতেন৷ কিন্তু বিগত ১৫ বছৰ অপশাসন, দুর্নীতি আৰু ভ্রষ্টাচাৰৰ ফলত এই অঞ্চলৰ ৰাইজ নিজৰ প্রাপ্যৰ পৰা বঞ্চিত হ’ল৷
সেইবাবেই এইবাৰৰ নির্বাচনত বিজেপিয়ে আন্তৰিকতাৰে অংশগ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে বিভিন্ন জাতি–ধর্ম, ভাষা–ভাষী লোকৰ মাজত সদ্ভাব গঢ়ি তুলি অঞ্চলটোত উন্নয়নৰ এক শক্তিশালী বাতাৱৰণ গঢ়ি তোলাই বিজেপিৰ মূল লক্ষ্য৷ সকলোকে আস্থা আৰু বিশ্বাসত লৈ অঞ্চলটোত স্থায়ী শান্তি প্রতিষ্ঠা কৰা, অঞ্চলটোৰ প্রতিটো পৰিয়ালে যাতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ প্রতিখন আঁচনিৰ লাভালাভ পাবলৈ সক্ষম হয়, তাৰ ব্যৱস্থা কৰা আৰু এই চাৰিখন জিলাত বসবাস কৰা প্রতিটো পৰিয়ালৰ পুত্র–কন্যাই যাতে কর্মসংস্থাপন পাব পাৰে, প্রতিগৰাকী মহিলাই যাতে উপার্জনৰ ক্ষেত্রত স্বাৱলম্বী হ’ব পাৰে, প্রতিগৰাকী বৃদ্ধ–বৃদ্ধাই যাতে নিশ্চিতভাৱে পেন্সন পায়, প্রতিগৰাকী দিব্যাংগই যাতে প্রতিমাহে নিশ্চিতভাৱে আর্থিক সহযোগিতা লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে বিজেপি দলৰ চৰকাৰে সুনিশ্চিত পদক্ষেপ গ্রহণ কৰিব৷ তেওঁ লগতে কয় যে কেন্দ্রীয় চৰকাৰে প্রেৰণ কৰা ধন বিপিএফৰ নেতাসকলে আত্মসাৎ কৰি নিজৰ নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িলে৷ দুখীয়া–খাটিখোৱা ৰাইজে বহু আশাৰে বিপিএফক সমর্থন কৰিছিল যদিও বিপিএফে খাটিখোৱা ৰাইজক লুণ্ঠন কৰিলে৷ কিন্তু এতিয়া বিটিএডিত সংস্কাৰ হ’ব৷ উন্নয়নৰ ধন কোনেও আত্মসাৎ কৰিব নোৱাৰে৷ আজিৰ বিশাল জনসভাত ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা উপস্থিত থাকি উন্নতি, শান্তি, প্রগতিৰ স্বার্থত বিজেপিৰ প্রার্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷
কোকৰাঝাৰত মুখ্যমন্ত্রী সোণোৱাল
বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাৰ ১২নং ছালাকাটি জনজাতি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্রার্থী কবিতা বসুমতাৰীৰ হৈ আজি কালীপুখুৰী খেলপথাৰত নির্বাচনী প্রচাৰ চলায় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ নির্বাচনী প্রচাৰ সভাত উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে বিজেপিক ভোট নিদি আন দলক ভোট দিলে অনিশ্চয়তা কঢ়িয়াই অনা হ’ব৷ মিত্রদল বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীক আক্রমণ কৰি মুখ্যমন্ত্রী সোণোৱালে বিগত পোন্ধৰটা বছৰত হাগ্রামা মহিলাৰী নেতৃত্বাধীন চৰকাৰে বিটিচিৰ চাৰিখন জিলাৰ ৰাইজক নিৰাপত্তা দিয়াত আৰু সম–উন্নয়ন কৰাত বিফল হৈছে৷ দুর্নীতি হোৱাৰ বাবে ৰাইজে প্রাপ্য অধিকাৰ লাভৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ আনি বিটিচিৰ চাৰিওখন জিলাত বসবাস কৰা সকলো জাতি– জনগোষ্ঠীৰ লোকক চৰকাৰে আগবঢ়োৱা প্রতিটো আঁচনিৰ সুবিধা প্রদান কৰাৰ বাবে বিজেপিয়ে লক্ষ্য গ্রহণ কৰিছে বুলি প্রতিশ্রুতি দিয়ে৷ আনহাতে কোচ ৰাজবংশী, আদিবাসীসকলৰ জনজাতিকৰণ বিজেপি চৰকাৰে কৰিব বুলি দৃঢ়তাৰে কয়৷ উল্লেখ্য যে মুখ্যমন্ত্রী সোণোৱালে বিটিএডিৰ চাৰিখন জিলাক পর্যটনস্থলী হিচাপে গঢ় দিয়া হ’ব বুলি উল্লেখ কৰি সন্ত্রাসবাদমুক্ত অসম, দুর্নীতিমুক্ত অসম, প্রদূষণমুক্ত অসম নির্মাণ কৰা, সমান্তৰালভাৱে দুর্নীতিমুক্ত বিটিচি নির্মাণ কৰা হ’ব বুলি কৈ অহা দহ ডিচেম্বৰত পদুম ফুলৰ ছবিত ভোটদান কৰিবলৈ ভোটাৰ ৰাইজলৈ আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷