পুৰণা টকা যেনেদৰে নচলে, কংগ্রেছো তেনেদৰে নচলেঃমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ অহা ১০ ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাং জিলাত হ’বলগীয়া বিটিচি নির্বাচনৰ আজি প্রচাৰ অভিযানৰ সামৰণি পৰিব৷ ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে কোকৰাঝাৰ জিলাৰ গোমা, দোতমাত বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰাৰ লগতে গোসাঁইগাঁৱৰ চৰাইবিলত আঠ কিলোমিটাৰজোৰা এক পদযাত্রাত অংশগ্রহণ কৰে৷ নির্বাচনী সমাৱেশত মন্ত্রী ড০ শর্মাই এইবাৰ বিটিচি বিজেপিয়ে দখল কৰিব বুলি কয়৷ আনকি আজি ভোটগ্রহণ অনুষ্ঠিত হোৱা ওদালগুৰি আৰু বাক্সা জিলাৰ ২১টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিজেপিয়ে ১৫টা সমষ্টি দখল কৰিব বুলি দাবী কৰে৷ বিটিচিত বিজেপি ক্ষমতালৈ অহাৰ এমাহৰ পৰা ৪৫ দিনৰ ভিতৰত সকলো অবৈধ অস্ত্র জব্দ কৰাৰ লগতে বি পি এফৰ কার্যকালত বিটিচিত সংঘটিত হোৱা প্রত্যেকটো ৰাজনৈতিক হত্যাৰ তদন্ত কৰা হ’ব বুলি প্রকাশ কৰে৷ আনহাতে, কোকৰাঝাৰত বিজেপিৰ কোনো নিজা প্রার্থী নথকাৰ পৰিপ্রেক্ষিতত ড০ শর্মাই জনসাধাৰণক তেওঁলোকৰ ভোট বি পি এফ আৰু কংগ্রেছক দিয়াৰ পৰা বিৰত থাকি বিজেপিৰ প্রার্থী নথকা সমষ্টিসমূহত বিবেক ভোট প্রদান কৰিবলৈ আহ্বান জনায়৷ কংগ্রেছ দলক পুৰণা টকা, পুৰণা এম্বেছাডৰৰ সৈতে তুলনা কৰি মন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বন্ধ কৰি দিয়া পুৰণা টকাৰ দৰে এতিয়া কংগ্রেছ৷ পুৰণা টকা যেনেদৰে নচলে, কংগ্রেছো তেনেদৰে নচলে৷ বিহাৰ বিধানসভা নির্বাচনত কংগ্রেছ নোহোৱা হৈ গ’ল৷ বিটিচি নির্বাচনতো কংগ্রেছে পুৰণা এম্বেছাডৰৰ দৰে ক’ৰবাত দুই–এখন আসন পাব পাৰে বা নাপাবও পাৰে৷ নির্বাচনী প্রচাৰ সভাত হাগ্রামা মহিলাৰীৰ দুর্নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্রী ড০ শর্মাই কয় যে যোৱা ১৭ বছৰত বি পি এফে যিমান খালে, হাতীৰো পেটত সিমান পানী নধৰে৷ এতিয়া তেওঁলোকে আকৌ কৈছে তেওঁলোকক ভোট দিব লাগে৷ তেওঁলোকৰ পেট ভৰা নাই, সেই কাৰণে ভোট দিব লাগে৷ শৌচাগাৰ নির্মাণকে ধৰি বিধৱাৰ ধন লুটিপুতি খোৱা বি পি এফৰ কার্যৰ সমালোচনা কৰি তেওঁ কয় যে ল’ব লাগে ভগৱানৰ নাম৷ কিন্তু ইয়াত ল’ব লগা হৈছে লেট্রিনৰ নাম৷
ভাষণ প্রসংগত তেওঁ আৰু কয় যে অসমত বিজেপিৰ চৰকাৰ অহাৰ পাছতেই বিটিচিত শান্তি আহিছে৷ এই বিটিচি নির্বাচনেই তাৰ প্রমাণ৷ এই বিটিচি নির্বাচনত ইউ পি পি এলে নাচ–গান কৰি সভা অনুষ্ঠিত কৰিছে৷ বি পি এফে নাচ–গান কৰি সভা অনুষ্ঠিত কৰিছে৷ কংগ্রেছে সভা পাতিছে৷ আজি ভয়হীন পৰিৱেশ ৰচনা হৈছে বাবেই সকলোৱে মুকলিভাৱে ওলাই আহিব পাৰিছে৷ এইবাৰ বিটিচি নির্বাচনত কাৰো ভয়–ভাবুকি নাই৷ গোসাঁইগাঁও মহকুমাৰ ২নং গোমা সমষ্টিৰ বিজেপি প্রার্থী নীলেশ্বৰ ৰায়ৰ হৈ নির্বাচনী প্রচাৰত মন্ত্রী ড০ শর্মাই কয় যে বিটিচিত বন্দুকৰ গুলীৰ শব্দত ৰাতি নুপুৱায়৷ এতিয়াৰ পৰা চৰাই–চিৰিকটিৰ মাততহে ৰাতি পুৱাব৷ ১৯৮৬ চনত আৰম্ভ হোৱা এবছুৰ আন্দোলনৰ সময়ৰ পৰাই অশান্তজর্জৰ এলেকাত পৰিৱর্তনৰ বাবে হাগ্রামা মহিলাৰীয়ে ৰাইজৰ শাসনৰ নামত কেৱল শোষণহে কৰিলে৷ কেন্দ্র আৰু ৰাজ্যৰ উন্নয়নৰ পুঁজি লুণ্ঠন চলাই ৰাস্তা–ঘাট আদিৰ উন্নয়নৰ পৰিৱর্তে ব্যক্তিগত চিকিৎসালয়, হোটেল, ৰেষ্টুৰেণ্ট, বিল্ডিং নির্মাণ কৰিলে৷ হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনকালত কেৱল লুণ্ঠন চলিল৷ ঘঁৰিয়ালৰ দৰে দৰিদ্র ৰাইজৰ চাউল, জবকার্ডৰ টকা, শৌচালয়ৰ টকা, এমজিএনৰেগাৰ টকা খাই শেষ কৰিলে৷ বিটিচিত বিজেপি চৰকাৰ অহাৰ পাছতেই ভি চি ডি চিসমূহ ব্রহ্মপুত্রত দলিয়াই পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্রৱর্তন, মাটিৰ পট্টা প্রদান কৰা হ’ব৷ মন্ত্রী ড০ শর্মাই ছেৰফাংগুৰিৰ হোকমা বিলত ৮নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ মনোনীত প্রার্থী বিভূতি বৰগয়াৰীৰ হৈও নির্বাচনী প্রচাৰ চলায়৷ আনহাতে, বিয়লি গোসাঁইগাঁও মহকুমা সদৰত এক বিশাল পদযাত্রাত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই ৫নং চৰাইবিল পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী উইলিয়াম নার্জাৰীৰ হৈ প্রচাৰ চলায়৷ গোসাঁইগাঁও উত্তৰপাৰা বাছ আস্থানৰ গোসাঁইগাঁও সদৰ চাৰিআলি, কলেজ ৰোড তিনিআলি, জয়নগৰকে ধৰি ৮ কিলোমিটাৰ পদযাত্রা কৰি সদৰ বজাৰস্থিত নাট মন্দিৰ প্রাংগণত সমৱেত হৈ ৰাইজক বিজেপিৰ প্রার্থীক ভোটদানৰ বাবে আহ্বান জনায়৷ একেদৰে ৩নং শ্রীৰামপুৰ পৰিষদীয় সমষ্টিৰ নির্দলীয় তথা বিজেপি সমর্থিত প্রার্থী সঞ্জীৱ মত্তৰ হৈও তেওঁ প্রচাৰ চলায়৷