বিয়াৰ অভ্যৰ্থনাত অংশগ্ৰহণ কৰিব বাবে অহা যাত্ৰীবাহী টাটা ছুম’ৰে ট্ৰাকৰ ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত ৪ যাত্ৰী
নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ সোমবাৰে সন্ধিয়া বোকাজান থানাৰ অন্তৰ্গত বালিপথাৰৰ বাঘজানত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে ডিমাপুৰ অভিমুখী NL 07 T 0526 নম্বৰৰ যাত্ৰীবাহী Tata Sumo খনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS 21 7654 নম্বৰৰ ট্ৰাকৰ লগত হয় এই মুখামুখি সংঘৰ্ষ।
39নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত tata sumo খনৰ চালকৰ সৈতে ছয়জন যাত্ৰীৰ চাৰিজন থিতাতে নিহত হয় আৰু আন দুজনক সংকটজনক অৱস্থাত 108 বাহনেৰে ততালিকে বোকাজান অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।নিহত চাৰিজনৰ লগতে আঁহত দুজনো নগা ব্যক্তি বুলি জানিব পৰা গৈছে।
আনহাতে ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ চালকজনো সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে নাগালেণ্ডৰ লংলেঙৰ পৰা ডিমাপুৰত বিয়াৰ অভ্যৰ্থনাত অংশগ্ৰহণ কৰিব বাবে আহিছিল টাটা ছুম’খনৰ যাত্ৰীসকল।