নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্লীল শব্দৰে বিধায়কৰ মর্যাদা লাঘৱ কৰিছে নার্জাৰীয়ে

বিজনীৰ বিধায়কৰ বিৰুদ্ধে আইনী যুঁজঃ আঙুৰলতা

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ মোক লৈ বিজনীৰ বিধায়ক কমল সিং নার্জাৰীয়ে একেবাৰে অশ্লীল শব্দ প্রয়োগ কৰি যি বাক্য নিক্ষেপ কৰিছে তাৰ দ্বাৰা তেওঁ অসমৰ বিধায়কৰ মর্যাদা লাঘৱ কৰিছে৷ বডোসকলৰ দৰে সহজ–সৰল জাতি এটাক প্রতিনিধিত্ব কৰি তেওঁ পৱিত্র বিধানসভাৰ মজিয়া অপৱিত্র কৰিছে৷ তেওঁ কেৱল মোক নহয় বৰ অসমৰ সমগ্র নাৰী সমাজক অপমান কৰিছে৷ বিধায়ক নার্জাৰীৰ বক্তব্যক লৈ বিজনীবাসীও লজ্জিত, বিজনীবাসী মহিলা সমাজ লজ্জিত৷’ –বিজনীৰ বিধায়ক নার্জাৰীয়ে আঙুৰলতা ডেকাক লৈ অশ্লীল শব্দ প্রয়োগ কৰা সন্দর্ভত এনেদৰে প্রতিক্রিয়া ব্যক্ত কৰে বটদ্রৱাৰ বিধায়িকাগৰাকীয়ে৷ সংবাদ মাধ্যমৰ আগত বিধায়িকাগৰাকীয়ে কয়– এই ধৰণৰ বাক্যই তেওঁ যে একেবাৰে নীচ মানসিকতাৰ বিধায়ক তাকে পৰিচয় দিছে৷ এনে নীচ মানসিকতাৰ লোক ৰাজনীতিলৈ আহিবই নাপায়৷ কেনেদৰে এনে মানসিকতাৰ ব্যক্তি বিধায়ক হ’ল, ভগৱানেহে জানে৷ মই কোনো কাৰণত কমলসিং নার্জাৰীক ৰেহাই নিদিম৷ মই যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈ যুঁজিম৷ তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ বাবে আইনীভাৱে যুঁজিম৷ উল্লেখ্য যে কালি বিপিএফৰ বিধায়ক নার্জাৰীয়ে বটদ্রৱাৰ বিধায়িকা আঙুৰলতা ডেকাক লৈ অশ্লীল মন্তব্য কৰিছিল৷ আজি বটদ্রৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত অসম দর্শন আঁচনিৰ অধীনত নির্মাণ হ’বলগীয়া এটা গৃহ আৰু ২০১৭–১৮ বর্ষৰ আছুতীয়া পুঁজিৰে গৌৰীনাথ শিৱমন্দিৰৰ এটা নৱনির্মিত সমূহীয়া ভৱন উদ্বোধন কৰি বিধায়িকা ডেকাই বিজনীৰ বিপিএফ বিধায়কগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷

You might also like