গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত নিয়মবহির্ভূতভাৱে সম্পন্ন গৱেষণা কর্ম
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী গৱেষকৰ গৱেষণা কর্ম সম্পন্ন কৰাবলৈ স্বজন–তোষণেৰে শৈক্ষিক পঞ্জীয়ক আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক জডিত হৈ পৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
নীতিবহির্ভূতভাৱে বিশ্ববিদ্যালয়খনৰ এসময়ৰ উত্তৰ–পূব অধ্যয়ন কেন্দ্রৰ পৰা গৱেষণা কর্ম কৰি থকা আৰু পৰৱতী সময়ত অসমীয়া বিভাগত জাপি দিয়া ভট্টাচার্য উপাধিৰ গৱেষকগৰাকীক পি এইচ ডিৰ সকলো নীতি–নিয়ম চেৰাই অসমীয়া বিভাগত অনলাইন মাধ্যমেৰে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা বিভাগীয় মুৰব্বীগৰাকীয়ে নিজা সিদ্ধান্তৰে লোৱাৰ অভিযোগ উঠিছে৷
তথ্য অনুসৰি, এই গৱেষকগৰাকীয়ে অসমীয়া বিভাগৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ আনিছিল, যিটোবিষয় বর্তমানো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ কমিটী আৰু আদালতৰ বিচাৰাধীন হৈ আছে৷ অতি তাৎপর্যপূর্ণ কথা এয়ে যে গৱেষকগৰাকীৰ গৱেষণা গ্রন্থখন বিশ্ববিদ্যালয়ৰ চূডান্ত পর্যায়ত জমা দিয়াৰ পূর্বে বিগত বর্ষৰ ২৮ জুনত অনুষ্ঠিত হোৱা পূর্বকৃত জমাৰ আলোচনা বৈঠকত পুনৰীক্ষণ আৰু পৰামর্শৰ বাবে অসমীয়া বিভাগৰ গৱেষণা কমিটীয়ে এখন তিনিজনীয়া কমিটী গঠন কৰি দিয়ে৷ এই কমিটীখনে গৱেষণাগ্রন্থখন সন্দর্ভত দিয়া শুধৰণি আৰু পৰামর্শক গৱেষকগৰাকীয়ে নস্যাৎ কৰি শৈক্ষিক পঞ্জীয়ক আৰু বিভাগীয় মুৰব্বীৰ সহায়ত চূডান্ত পর্যায়ত জমা দিয়ে আৰু যোৱা ২৫ নৱেম্বৰত গৱেষণাৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিশ্ববিদ্যালয়খনে ব্যৱস্থা গ্রহণ কৰে৷
অতি আশ্চর্যৰ কথা যে এই গৱেষকগৰাকীৰ গৱেষণা কর্ম আদালতৰ বিচাৰাধীন হৈ থকাৰ কথাটো বিশ্ববিদ্যালয়খনৰ উপাচার্য, পঞ্জীয়ক তথা বিশ্ববিদ্যালয় গৱেষণা কমিটীৰ দৃষ্টিগোচৰ হৈ থকা সত্ত্বেও কিদৰে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি উপাচার্যই দিলে তাক লৈ শৈক্ষিক মহলত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷