প্রথম পর্যায়ত বিপিএফে অতি বেছি এখন আসনত জিকিব
কোকৰাঝাৰত পদযাত্রা–গণ সমাৱেশ ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ ওদালগুৰি আৰু বাক্সা জিলাত কালি অনুষ্ঠিত হৈ যোৱা প্রথম পর্যায়ৰ বিটিচি নির্বাচনত হাগ্রামা মহিলাৰীৰ বিপিএফে অতি বেছি এখনহে আসন লাভ কৰিব বুলি দাবী কৰিছে ‘নেডা’ৰ আহ্বায়ক তথা অসমৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দ্বিতীয় পর্যায়ৰ বিটিচি নির্বাচনৰ প্রচাৰ অভিযানৰ আজিৰ অন্তিম দিনা হাগ্রামা মহিলাৰীৰ গৃহ চহৰ কোকৰাঝাৰত বাইক ৰেলী আৰু পদযাত্রাত অংশগ্রহণ কৰিবলৈ আহি ডি এন হিম্মৎসিংকা হাইস্কুলৰ খেলপথাৰত আয়োজিত এখন বিশাল গণ সমাৱেশত সম্বোধন কৰি মন্ত্রী ড০ শর্মাই কয় যে কালি অনুষ্ঠিত হৈ যোৱা প্রথম পর্যায়ৰ নির্বাচনত মূল প্রতিদ্বন্দ্বিতা বিজেপি আৰু ইউপিপিএলৰ মাজত হৈছে৷ ওদালগুৰি–বাক্সা জিলাত বিপিএফৰ চিন–মোকাম নোহোৱা হৈছে৷ ঠিক তেনেকৈ চিৰাং আৰু কোকৰাঝাৰ জিলাতো বিপিএফৰ চিন–মোকাম নোহোৱা কৰিম৷ আজিৰ পৰা এই কথা ৰাইজে গম পাব৷ নিজৰ ভাষণ প্রসংগত মন্ত্রী ড০ শর্মাই পুনৰ কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় এই সকলো ৰাজ্য চৰকাৰে বনোৱা, চি আই টিখন কেন্দ্রীয় চৰকাৰে বনোৱা, আনকি উৰণীয়া সেতু, বাট–পথ আদি কৰি সকলোকে ধৰি সমূহ উন্নয়ন ৰাজ্য চৰকাৰৰ দ্বাৰাহে সম্পন্ন হৈছে৷ ইয়াত হাগ্রামা মহিলাৰীয়ে এটকাও দিয়া নাই৷
বিটিএডিৰ আঠ স্থানত পদযাত্রা, ৬০খনৰো অধিক প্রচাৰ সভাত অংশগ্রহণ কৰাৰ কথা দোহাৰি ৰাইজে খাদ্য সুৰক্ষাৰ কার্ড নোপোৱা, প্রাপ্য চাউলৰ ৩৫ কেজিৰ মাত্র ২০–২৫ কেজি পোৱা বুলি ৰাইজে দিয়া অভিযোগৰ প্রসংগও তেওঁ উল্লেখ কৰে৷ মন্ত্রী ড০ শর্মাই হাগ্রামা মহিলাৰীক চোকা সমালোচনা কৰি কয় যে আজিৰ দিনত হাগ্রামা মহিলাৰীৰ ৫৬খন গাড়ী আছে, যিটো মুকেশ আম্বানিৰো নাই৷ হাগ্রামা মহিলাৰীৰ ৫০ৰো অধিক বেংক একাউণ্ট আছে যিটো ভাৰতৰ কোনো ৰাজনৈতিক নেতাৰে নাই৷ গতিকে হাগ্রামা মহিলাৰীৰ নাম গীনিজ বুক দ্য অৱ ৱর্ল্ড ৰেকর্ডত সোমাব লাগে বুলি তেওঁ কটাক্ষ কৰে৷ উল্লেখ্য যে দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযানৰ অন্তিম দিনটোত আজি মন্ত্রী ড০ শর্মাই কোকৰাঝাৰৰ ছালাকাটি আৰু ফকিৰাগ্রাম পৰিষদীয় সমষ্টিৰ বাবে পদযাত্রা, মটৰচাইকেল সমদলত অংশগ্রহণ কৰে৷ আজিৰ এই প্রচাৰ অভিযানত তেওঁক সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা আৰু ৰাজ্যসভাৰ প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী আদিয়ে সংগ দিয়ে৷ প্রণিধানযোগ্য যে কোকৰাঝাৰ চহৰৰ গণ সমাৱেশত অংশগ্রহণৰ পূর্বে মন্ত্রী ড০ শর্মাক ছালাকাটি পৰিষদীয় সমষ্টিৰ পুঠিয়াগাঁৱত নির্মাণ কৰা অস্থায়ী হেলিপেডৰ পৰা বিজেপিৰ নেতা–কর্মীসকলে চৰাইখোলা আৰ এন বি পথ হৈ দুচকীয়া, চাৰিচকীয়া বাহনৰ এক বৃহৎ বাইক ৰেলী, পদযাত্রাৰে কোকৰাঝাৰ চহৰৰ ডি এন হিম্মৎসিংকা হাইস্কুল খেলপথাৰলৈ আদৰি আনে৷ ইপিনে, মন্ত্রী ড০ শর্মাই কোকৰাঝাৰ জিলাৰ শক্তি আশ্রমত এখন নির্বাচনী সভাতো অংশগ্রহণ কৰে৷