নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় শ্রেণী পর্যন্ত বন্ধ হোমৱর্ক

নিউ স্কুল বেগ পলিচী–২০২০ কার্যকৰীকৰণৰ পদক্ষেপঃ ৰাজ্য চৰকাৰক কেন্দ্রীয় শিক্ষা মন্ত্রালয়ৰ নির্দেশনা

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ বয়সৰ হিচাপত ৫ বা ৬ বছৰ৷ পিছে পিঠিত ব’ব নোৱাৰা ওজনৰ বোজা৷ কঢ়িয়াই নিব নোৱাৰিলেও পাঠ্যপুথি–বহী–টিফিন্ বক্সসহ মাত্রাধিক ওজনৰ স্কুল বেগটো কোনোমতে পিঠিত তুলি লৈ কণ কণ শিক্ষার্থীসকলে শিক্ষা গ্রহণৰ বাবে পুৱাতেই আৰম্ভ কৰা যাত্রা দেশৰ সর্বত্র বিদ্যমান৷ পাঠ্যপুথিৰ ভৰত বিপন্ন হোৱা শৈশৱক লৈ বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ বিতর্কৰ সৃষ্টি হৈছে৷ ইয়াৰ সমান্তৰালভাৱে শিক্ষার্থীসকলক সকাহ দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ তদানীন্তন মানৱ সম্পদ বিকাশ মন্ত্রালয়ে একাধিকবাৰ নির্দেশনা জাৰি কৰিছিল যদিও সেয়া বাস্তৱত কার্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই৷ কিন্তু এইবাৰ কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে কণ কণ শিক্ষার্থীসকলক শৈশৱ ওভতাই দিব পৰাকৈ এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷

শেহতীয়াকৈ কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে প্রকাশ কৰিছে ‘নিউ স্কুল বেগ পলিচী–২০২০’ য’ত প্রথমৰ পৰা দ্বাদশ শ্রেণীপর্যন্ত স্কুলবেগৰ ওজন নির্ধাৰণ কৰি দিয়াৰ লগতে হোমৱর্কৰ ক্ষেত্রতো সময়সীমা বান্ধি দিছে৷ এক কথাত ক’বলৈ গ’লে ‘নিউ স্কুল বেগ পলিচী–২০২০’ হ’ল স্কুলবেগৰ ওজন আৰু হোমৱর্কৰ সময় নির্ধাৰণৰ গাইডলাইন৷ দাঙিব নোৱাৰা ওজনৰ স্কুল বেগৰ উপৰি কণ কণ শিক্ষার্থীসকলৰ ওপৰত থাকে আকৌ হোমৱর্কৰ বোজা৷ স্কুল বেগৰ ওজনৰ সমান্তৰালভাৱে হোমৱর্কৰ বোজাৰ পৰাও ইয়াৰ জৰিয়তে সকাহ দিয়া হৈছে৷ উল্লেখনীয় যে এই নতুন নীতি কার্যকৰী হোৱাৰ লগে লগে দ্বিতীয় শ্রেণী পর্যন্ত নাথাকিব কোনোধৰণৰ হোমৱর্ক৷ অন্যান্য শ্রেণীৰ ক্ষেত্রতো হোমৱর্কৰ সময় নির্দিষ্ট কৰি দিয়া হৈছে৷

উল্লেখ্য যে চলিত বর্ষৰ জুলাই মাহত প্রকাশ কৰা হৈছিল ৰাষ্ট্রীয় শিক্ষা নীতি (এনইপি)৷ ৰাষ্ট্রীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ চমুকৈ এন চি ই আৰ টিয়ে চলোৱা বিভিন্ন জৰীপ আৰু অধ্যয়নৰ আধাৰত তথা এনইপিৰ সৈতে সংগতি ৰাখিয়েই ‘নিউ স্কুল বেগ পলিচী–২০২০’ প্রস্তুত কৰা হৈছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি ইতিমধ্যে যোৱা ২৪ নৱেম্বৰত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে ‘নিউ স্কুল বেগ পলিচী–২০২০’ সকলো ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰাৰ লগতে এখন চার্কুলাৰযোগে ইয়াক কার্যকৰী কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ চার্কুলাৰখনত ৰাজ্য চৰকাৰক উদ্দেশ্যি স্পষ্টভাৱে কোৱা হৈছে যে স্কুল বেগ পলিচী আৰু এনইপি–২০২০ৰ সংশ্লিষ্ট পৰামর্শসমূহ গ্রহণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল আৰু আপোনালোকৰ এক্টিয়াৰভুক্ত এলেকাত ইয়াৰ কার্যকৰীকৰণ নিশ্চিত হ’ব লাগে৷ কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে ৰাজ্য চৰকাৰক কার্যকৰী কৰিবলৈ নির্দেশ দিয়া ‘নিউ স্কুল বেগ পলিচী–২০২০’ত শিক্ষার্থীৰ শৰীৰৰ ওজনৰ অনুপাতে শ্রেণী ভিত্তিত স্কুলবেগৰ ওজন নির্ধাৰণ কৰি দিছে৷ সেই অনুসৰি শিক্ষার্থীৰ শৰীৰৰ ওজনৰ বিপৰীতে স্কুল বেগৰ ওজন হ’ব লাগিব ১০ শতাংশ৷ শ্রেণী ভিত্তিত নির্ধাৰণ কৰি দিয়া স্কুল বেগৰ ওজন হ’ব এনেধৰণৰ– প্রথম–দ্বিতীয় শ্রেণীৰ বাবে ১.৬ৰ পৰা ২.২ কিলোগ্রাম, তৃতীয়–পঞ্চম শ্রেণীৰ বাবে ১.৭ৰ পৰা ২.৫ কিলোগ্রাম, ষষ্ঠ–সপ্তম শ্রেণীৰ বাবে ২ৰ পৰা ৩ কিলোগ্রাম, অষ্টম শ্রেণীৰ বাবে ২.৫ৰ পৰা ৪ কিলোগ্রাম, নৱম–দশম শ্রেণীৰ বাবে ২.৫ৰ পৰা ৪.৫ কিলোগ্রাম আৰু একাদশ–দ্বাদশ শ্রেণীৰ বাবে ৩.৫ৰ পৰা ৫ কিলোগ্রাম৷ স্কুল বেগৰ ওজন নির্ধাৰণ সন্দর্ভত ‘নিউ স্কুল বেগ পলিচী–২০২০’ত কোৱা হৈছে যে শৈক্ষিক বর্ষৰ আৰম্ভণিতে যেতিয়া কোনো এটা শ্রেণীৰ বিষয়সূচী নির্ধাৰণ কৰা হয়, তেতিয়াই শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে প্রথমৰ পৰা দ্বাদশ শ্রেণীলৈকে দৈনিক পাঠ্যপুথিৰ ওজন যাতে নির্দিষ্ট হয়, সেইটো নিশ্চিত কৰিব লাগিব৷ তদুপৰি স্কুল বেগৰ ওজন যাতে ঠিকে থাকে, সেইটো প্রতিদিনেই বিদ্যালয়ত পৰীক্ষাৰ ব্যৱস্থা থাকিব লাগিব৷ ইয়াৰ বাবে প্রতিখন শিক্ষানুষ্ঠানক ওজন জোখাৰ ডিজিটেল যন্ত্র সংস্থাপনৰ পৰামর্শও দিয়া হৈছে৷

ইফালে, দ্বিতীয় শ্রেণী পর্যন্ত ছাত্র–ছাত্রীসকলক কোনোধৰণৰ হোমৱর্ক নিদিবলৈ কোৱাৰ বিপৰীতে তৃতীয়ৰ পৰা পঞ্চম শ্রেণীলৈ সপ্তাহত দুঘণ্টা, ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ এদিনত সর্বোচ্চ এঘণ্টা, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্রেণীৰ বাবে প্রতিদিনে সর্বোচ্চ দুঘণ্টাহে হোমৱর্কৰ সময়সীমা নির্ধাৰণ কৰি দিছে ‘নিউ স্কুল বেগ পলিচী–২০২০’ত৷ এইক্ষেত্রত শিক্ষকসকলক পৰিকল্পনা প্রস্তুত কৰিবলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ তদুপৰি স্কুল তথা শ্রেণীৰ শিক্ষাৰ মাজতে ছাত্র–ছাত্রীসকলৰ বাবে ক্রীড়া আৰু শাৰীৰিক শিক্ষা, পাঠ্যপুথিৰ উপৰি শিক্ষানুষ্ঠানত থকা অন্যান্য বিষয়ৰ গ্রন্থ অধ্যয়নৰ ব্যৱস্থা কৰা, কলা আদিৰ বাবে পর্যাপ্ত সময় ৰখাৰ কথাও উল্লেখ কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ছাত্র–ছাত্রীসকলৰ স্কুল বেগৰ ওজন যাতে ঠিকে থাকে তাৰ বাবে একোখন পাঠ্যপুথিৰ ওজন প্রকাশকসকলক ছপা কৰি দিবলৈও কোৱা হৈছে ‘নিউ স্কুল বেগ পলিচী–২০২০’ত৷ ছাত্র–ছাত্রীসকলৰ বাবে অতি গুৰুত্বপূর্ণ তথা দীর্ঘদিনীয়া বিতর্কৰ অৱসান ঘটাবলগীয়া এই নতুন নীতিৰ শেষাংশত উল্লেখ কৰা হৈছে এইদৰে– শিশুসকল ৰাষ্ট্রৰ ভৱিষ্যৎ৷ তেওঁলোকৰ সুস্বাস্থ্য আৰু চাপমুক্ত মনে ৰাষ্ট্র নির্মাণত অৰিহণা আগবঢ়ায়৷ সেয়েহে প্রতিখন বিদ্যালয় (চৰকাৰী–চৰকাৰী সাহায্যপ্রাপ্ত–সাহায্য্)–এ আমাৰ শিশুসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে ‘নিউ স্কুল বেগ পলিচী–২০২০’ বাধ্যতামূলক কৰাটো প্রয়োজন৷

You might also like